NORTHEAST NOW (Assamese)
Popular Stories

‘চুতীয়া’ উপাধিৰ বাবেই কেন্দ্রীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ চাকৰিৰ আবেদনৰ ক্ষেত্ৰত বঞ্চনাৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 3:47 pm
index

অসমৰ চুতীয়া জনগোষ্ঠীৰ ‘চুতীয়া’ উপাধিটোৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় বীজ কোৰ্প’ৰেশ্যন লিমিটেড(NSCL) নামৰ প্ৰতিষ্ঠানটোৱে চাকৰিৰ বাবে কৰা আবেদন গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।

অসমৰ ধেমাজি জিলাৰ গোগামুখৰ প্ৰিয়ংকা চুতীয়া নামৰ এগৰাকী যুৱতীয়ে প্ৰতিষ্ঠানটোৰ খালি হোৱা পদৰ বাবে অনলাইন আবেদন পূৰ কৰিবলৈ গৈ এই সমস্যাৰ সন্মুখীন হয়।

অসম কৃষি বিশ্বিবদ্যালয়ৰ পৰা ইক’নমিক্স এণ্ড ফাৰ্ম মেনেজমেন্টৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱতীগৰাকীয়ে NSCLৰ খালি পদৰ বাবে অনলাইন আবেদন কৰিবলৈ ‘চুতীয়া’ উপাধিটোৰ বাবে পঞ্জীয়ন কৰিবলৈ সক্ষম নহ’ল।

যুৱতীগৰাকীয়ে ইতিমধ্যে নিজৰ ফেইচবুক একাউন্টত এই সম্পৰ্কে বিৱৰী লিখিছে।

“এটা চৰকাৰী খণ্ডৰ এটা বৃহৎ প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় বীজ কোৰ্প’ৰেশ্যন লিমিটেড-এ প্ৰতিষ্ঠানটোৰ খালি পদৰ বাবে মই কৰা অনলাইন আবেদন পঞ্জীয়ন কৰা নাই। প্ৰত্যাখান কৰাৰ বিশেষ কাৰণ নাই, কিন্তু মোৰ উপাধিটো প’ৰ্টেলখনত যথাযথভাৱে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।….”

উল্লেখ্য যে, যুৱতীগৰাকীয়ে এই সম্পৰ্কে প্ৰতিষ্ঠানটোৰ হেল্পডেক্সত মেইল কৰি সবিশেষ অৱগত কৰাৰ পিছৰ দিনা তেওঁৰ পঞ্জীয়ন গৃহীত কৰিলেও বিভিন্ন সমস্যাৰ বাবে আবেদন কৰিবলৈ সমৰ্থ হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত থকা এটি প্ৰতিষ্ঠানে অসমৰ এটা বিশেষ জনগোষ্ঠীৰ ‘উপাধি’ক কেন্দ্ৰ কৰি এইদৰে কৰা বঞ্চনাই সমগ্ৰ জনগোষ্ঠীটোৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।