NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ দুই শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 21, 2020 8:56 am

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’নাই আর্থিকভাৱে কোঙা কৰি পেলোৱা মহানগৰীৰ চানমাৰি এলেকাৰ দুই শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰা হয়।

অঞ্চলটোৰ ঠেলাচালক, ৰিক্সাচালক, শ্রমিক, ক্ষুদ্র ব্যৱসায়ী আদি নিম্ন আয়ৰ পৰিয়াল কেইটাৰ মাজত সোমবাৰে চাউল, মিঠাতেল, নিমখ, দাইল আদি প্রদান কৰা হয়৷

অনুষ্ঠানত ঐক্য সেনা, অসমৰ মুখ্য উপদেষ্টা সঞ্জীৱ মহন্ত, মুখ্য মুখপাত্র কমল কুমাৰ, সাংবাদিক ৰুবুল দাস, আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক সীমা বৰা উপস্থিত থাকি খাদ্য সামগ্রীৰ টোপোলা বিতৰণ কৰে৷

ঐক্য সেনা, অসমৰ মুখ্য মুখপাত্র কমল কুমাৰে কয় যে কামৰূপ মহানগৰ জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা এই খাদ্য সামগ্রী বিতৰণ কার্যসূচীয়ে দুখীয়া লোকসকলক সকাহ দিছে৷

তেওঁ লগতে লকডাউনৰ প্রভাৱত বিশেষভাৱে ক্ষতিগ্রস্ত শ্রমিক, ক্ষুদ্র ব্যৱসায়ী, ৰিক্সাচালক, ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত নিম্ন আয়ৰ লোকসকলক শীঘ্ৰে আর্থিক সাহায্য প্রদান কৰিবলৈ চৰকাৰক দাবী জনায়।

অনুষ্ঠানত আৰোহণৰ সঞ্চালক সীমা বৰাই জিলা প্রশাসনৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক, চন্দ্রপুৰ ৰাজহ চক্রৰ চক্র বিষয়া মীনাক্ষী বর্মন আদিৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলক কৃতজ্ঞতা জনায়৷

ইফালে এই বিপদৰ সময়ত এনেদৰে খাদ্য সামগ্ৰী প্ৰদান কৰাৰ বাবে প্ৰতিটো পৰিয়ালে কামৰূপ মহানগৰ জিলা প্ৰশাসন, ঐক্য সেনা, অসম, আৰোহন ফাউণ্ডেশ্যনৰ সঞ্চালক সীমা বৰাক ধন্যবাদ জ্ঞাপন কৰে।