NORTHEAST NOW (Assamese)
অসম

ক’ভিড পজিটিভ গীতাৱলী ৰাজকুমাৰী, কন্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 21, 2020 7:49 pm
Assamese actress Geetawali Rajkumari, daughter test COVID-19 positive

ক’ৰ’ণাত আক্ৰান্ত হৈছে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী।

সোমবাৰে কৰা ৰেপিড টেষ্টত অভিনেত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে COVID19।

গীতাৱলী ৰাজকুমাৰী কন্যাৰ দেহতো COVID19 পজিটিভ ধৰা পৰিছে বুলি জানিব পৰা গৈছে।

গীতাৱলীৰ ভগ্নী ড০ শুভলক্ষ্মী ৰাজকুমাৰীও ক’ৰ’ণাত আক্ৰান্ত হৈছে বুলি খবৰ আহিছে।

ড০ শুভলক্ষ্মী ৰাজকুমাৰী যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল।

উল্লেখযোগ্য যে, সমগ্ৰ অসমতে এতিয়া ক’ৰ’ণাই ভয়াৱহ ৰূপ লৈছে।

ৰাজ্যখনত এতিয়ালৈ ২৫০৯২ জন আক্ৰান্ত চিনাক্ত হৈছে।

ইয়াৰে ৭৯৩৬ জন এতিয়াও চিকিৎসাধীন হৈ আছে।

অসমত এতিয়ালৈ ৫৮ জনৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে।