NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচল এক্সপ্ৰে’ছৰ শুভাৰম্ভ : সপ্তাহত এদিনকৈ চলিব নাহৰলগুন আৰু নতুন দিল্লীৰ আনন্দ বিহাৰ ষ্টে’চনৰ মাজত

Posted by: এন ই নাও নিউজ March 1, 2018 5:29 pm

নতুন দিল্লীৰ লগত অৰুণাচল প্ৰদেশ সংযোগী দ্বিতীয়্খন ৰে’ল অৰুণাচল এক্সপ্ৰে’ছে আজি নাহৰলগুনৰ পৰা যাত্ৰা আৰম্ভ কৰিলে।

নাহৰলগুন ষ্টেচনত আজি এই নতুন ৰে’লখনৰ পতাকা জোকাৰি শুভ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু আৰু কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে।

এন এফ ৰে’লৱেই জনোৱা মতে নাহৰলগুনৰ পৰা দিল্লীৰ আনন্দ বিহাৰলৈ ২০১৩ কিলোমিটাৰ দৈৰ্ঘ্য ৰে’লখনে ৩৮ ঘণ্টাত অতিক্ৰম কৰিব।

schedule of arunachal express
অৰুণাচল এক্সপ্ৰে’ছৰ সূচী

সপ্তাহত এবাৰকৈ চলিব লগা ৰে’লখন অসমৰ হাৰমতী, ৰঙাপাৰা উত্তৰ, ৰঙিয়া আৰু নিউ বঙাইগাঁৱক ধৰি যাত্ৰাপথৰ মুঠ ১৪ টা ষ্টে’চনত ৰ’ব।

০২৪১১/ ০২৪১২ নম্বৰৰ অৰুণাচল এক্সপ্ৰেছখনত থাকিব জাৰ্মান  Linke Hofmann Busch প্ৰতিষ্ঠানে ভাৰতত নিৰ্মাণ কৰা আধুনিক সা-সুবিধাযুক্ত ২ টায়াৰ আৰু ৩ টায়াৰৰ বাতানুকূল দবা।

ৰে’লখনৰ সকলো ডবা বাতানুকূল হ’ব।