NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ মাজতে সুখবৰ; ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগত হ’ব বৃহৎ নিযুক্তি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 23, 2020 6:31 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ৰাজ্যৰ নিবনুৱা সকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ কৃষি আৰু পশু পালন বিভাগে।

জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য কৰে কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷

কৃষি তথা পশুপালন দুয়োটা বিভাগতে ৰাজপ্ৰতিত বিষয়াৰ লগতে তৃতীয় বৰ্গ, কনিষ্ঠ অভিযন্তা, সহকাৰী অভিযন্তা, কৃষি উন্নয়ন বিষয়াৰ লগতে ক্ষেত্ৰ সহায়ক আৰু চতুৰ্থ বৰ্গৰ পদত নতুনকৈ নিযুক্তি দিব বুলি জনাই মন্ত্ৰী বৰাই ৷

“কৃষি বিভাগত নতুনকৈ  তৃতীয় বিভাগত   ১৯২০জন,কণিষ্ঠ অভিযন্তা ৪২ জন,সহকাৰী অভিযন্তা ১২ জন, কৃষি উন্নয়ন বিষয়া ১১৩ জন নিযুক্তি দিয়াৰ লগতে চতুৰ্থ বৰ্গতো বহু কেইজনক নতুনকৈ নিযুক্তি দিয়া হ’ব,” অতুল বৰাই কয়।

ইপিনে, পশুপালন বিভাগত ৰাজপ্ৰতিত বিষয়া ১৭ গৰাকী, তৃতীয় বৰ্গত ৩১ গৰাকী, ক্ষেত্ৰ সহায়ক পদত ২২৪ গৰাকী, চতুৰ্থ বৰ্গত ৮৬ গৰাকী লোকক নতুনকৈ নিযুক্তি দিয়া হ’ব বুলিও কয় বৰাই ৷

আনহাতে, সংবাদ  মেলত বৰাই কয়ে, প্ৰলয়ংকাৰী বানত ২৭ খন জিলা বানত আক্ৰান্ত হোৱাৰ লগতে ১০,৫৩১ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে।  ৯ লাখ ৯৫ হাজাৰ ২৬০ জন খেতিয়ক বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে চলিত বানপানীত।

তদুপৰি, বানপানীৰ ফলত বহু সংখ্যক পশুধনৰ ক্ষতি হোৱা বুলি উল্লেখ কৰি বৰাই বানপানীত ২২ লাখ ৮৫০ টা  পশুধনৰ ক্ষতিহোৱাৰ লগতে ১৪ লাখ ৩৯ হাজাৰ ৩১৮ টা হাঁহ-কুকুৰা ক্ষতি হৈছে বুলিও কয়।

বৰ্তমান সময়লৈ আত্মসহায়ক গোটৰ জৰিয়তে কৃষকৰ মাজত ১০ হাজাৰ ট্ৰেক্টৰ বিতৰণ কৰা হোৱাৰ লগতে ২৭ হাজাৰ পাৱাৰটিলাৰ বিতৰণ কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ৷