NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী: ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰে ‘ভাবী জী’ পাপড়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 5:29 pm
papad-62

যিটো সময়ত ঘাতক ক’ৰ’ণা ভাইৰাছৰ দৰৱ বিচাৰি বিশ্বৰ বিজ্ঞানী সকলে উদয়াস্ত শ্ৰম কৰিছে সেই সময়তে ভাৰতবৰ্ষত বহতে ক’ৰ’ণা ভাইৰাছৰ মহৌষধ উলিয়াই মানুহক ক্ষণিকৰ বাবে হ’লেও আশ্বস্ত কৰিছে।

ক’ৰ’ণা ভাইৰাছৰ দৰৱ সন্দৰ্ভত নানা মুনিৰ নানা মতৰ সময়তে এই বাৰ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা এন্টিবডি সৃষ্টিকাৰী এবিধ বিশেষ পাপড়ৰ কথা প্ৰচাৰ কৰিছে।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ভাবী জী পাপড় নামৰ এবিধ পাপড় বজাৰত মুকলি কৰি কয় যে এই পাপড় বিধে ক’ৰ’ণা ভাইৰাছৰ পৰা মানুহক সুৰক্ষা দিব পাৰিব।

ভাবী জী পাপড় খালে দেহত এন্টিবডিৰ সংখ্যা বাঢ়িব আৰু লোক এজনে সহজে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰিব।

তেওঁ এই বিষয়ে এটা ভিডিঅ’ও প্ৰচাৰ কৰিছে।

আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ অধীনত এজন ব্যৱসায়ীয়ে প্ৰস্তুত কৰা ভাবী জী পাপড়ৰ প্ৰশংসাত পঞ্চ মুখ হৈ পৰা মেঘৱালে এই পাপড়ে ক’ৰ’ণা ভাইৰাছৰ সৈতে যুঁজাত মানুহক সহায় কৰে বুলি ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এতিয়া বিষয়টোক লৈ ব্যাপক চৰ্চা হোৱা দেখা গৈছে।