NORTHEAST NOW (Assamese)
অসম

পি অ’ কেক পাকিস্তানৰ অন্তৰ্ভুক্ত বুলি উল্লেখ নকৰা বাবেই ১০০ খন পাঠ্যপুথি নিষিদ্ধ পাকিস্তানত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 12:55 pm

পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ’ কে)ক পাকিস্তানৰ অন্তৰ্ভূক্ত নকৰা বাবে পাকিস্তানে ১০০ খন পাঠ্যপুথিক নিষিদ্ধ কৰিছে।

পাঞ্জাৱ কাৰিকুলাম এণ্ড টেক্সটবুক বোৰ্ড চমুকৈ পি চি টি বিয়ে বিতৰ্কিত বিষয়বস্তুৰ কাৰণেই শিক্ষানুষ্ঠানত ব্যৱহাৰ হোৱা ১০০ খন পাঠ্যপুথিক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে।

আনহাতে, আন কিছুসংখ্যক পাঠ্যপুথিত মহম্মদ আলী জিন্নাৰ জন্ম তাৰিখ ভুকলৈ উল্লেখ থকাৰ বাবে নিষিদ্ধ কৰা হৈছে।

পি চি টিয়ে এই পাঠ্যপুথি সমূহৰ পুনৰ মূল্যায়ন কৰি সংস্কৰণৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।

তদুপৰি, পাকিস্তান অধীকৃত কাশ্মীৰক নিজ দেশৰে পাঠ্যপুথিয়ে পাকিস্তানৰ ভূখণ্ডৰ অন্তৰ্ভূক্ত নহয় বুলি দেখুওৱা কাৰ্য্যই এতিয়া পাকিস্তানত চৰ্চা লাভ কৰিছে।

পাকিস্তানে আজাদ কাশ্মীৰ হিচাপে উল্লেখ কৰি অহা কাশ্মীৰৰ ভূখণ্ড পাকিস্তানে জোৰকৈ দখল কৰি লৈছিল।

পাকিস্তান চৰকাৰে ভাৰতৰ কাশ্মীৰৰ স্বাধীনতাৰ প্ৰসংগ উত্থাপন কৰি থকাৰ সময়ত নিজ দেশৰে পাঠ্যপুথিত পি অ’ কে অন্তৰ্ভুক্ত নোহোৱাটো গুৰুত্বপূৰ্ণ।