NORTHEAST NOW (Assamese)
অসম

অসমত পুনৰ দুগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু; ৰাজ্যত মৃতকৰ সংখ্যা ৭৯ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2020 8:45 pm
2020_3image_15_51_478747655340-ll

অসমত আজি পুনৰ দুগৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

আজি মৃত্যু হোৱা লোক দুগৰাকীৰ সৈতে অসমত বৰ্তমানলৈ ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯ গৰাকীলৈ বৃদ্ধি পালে।

মৃত্যু হোৱা লোক দুগৰাকী হৈছে তিনিচুকীয়া জিলাৰ বৈশাখী ৰয়(৫৩) আৰু ডিব্ৰুগড়ৰ বিৰেন্দ্ৰ শ্বাহ(৫০)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা দুয়োগৰাকী লোকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী ব্যক্তিৰ পৰিয়াল বৰ্গলৈ গভীৰ শোক ব্যক্ত কৰে।

অসমত বৰ্তমান বিভিন্ন চিকিৎসালয়ত মুঠ ৭,৯৪৯ গৰাকী সক্ৰিয় কোভিড-১৯ ৰোগী চিকিৎসাধীন হৈ আছে।

শনিবাৰে ৰঞ্জিত বৈদ্য নামৰ এগৰাকী ৬৫ বছৰীয়া লোকৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হৈছিল।