NORTHEAST NOW (Assamese)
অসম

বোকাখাতত বাঢ়নি পানীত যুৱক, কিশোৰৰ সলিল সমাধি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া July 27, 2020 11:03 pm
Assam floods: Two youths meet watery grave in Bokakhat

বোকাখাতত চলিত বানত দুজন লোকৰ সলিল সমাধি ঘটিছে৷ তাৰে এজন ১২ বছৰীয়া কিশোৰ৷

কাজিৰঙাৰ ৰঙাজানত আজি বিয়লি বাঢ়নি পানীত সলিল সমাধি ঘটে এটি ১২ বছৰীয়া কিশোৰৰ৷

প্ৰাপ্ত তথ্য মতে নিজৰ ঘৰৰ পিচফালে হোৱা বাঢ়নি পানীত মেলেং চলাই গা ধুবলৈ গৈছিল অভিজিত গোৱলা নামৰ কিশোৰটি৷

গা ধুবলৈ যোৱা কিশোৰটিক বহু সময়  দেখা নাপাই পৰিয়ালৰ লোকে বিচাৰিবলৈ আৰম্ভ কৰে৷

স্থানীয় লোকে সন্দেহবশতঃ ঘৰৰ পিছফালে থকা পানীত বিচৰাত আধা ঘন্টা মানৰ পাচত পানীৰ তলৰ পৰা কিশোৰটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰৰ পাচত অভিজিত গোৱালা নামৰ কিশোৰটিক হাতীখুলি চাহ বাগিচাৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে কিশোৰটিক মৃত বুলি ঘোষণা কৰে৷

ইফালে দেওবাৰে বিয়লি বোকাখাতৰ কুমাৰণী পথাৰ এলেকাত গৰু পথাৰৰ পৰা গৰু লৈ বোৱতী সুঁতি পাৰ হওঁতে পানীত বুৰি সলিল সমাধি ঘটে চন্দৰ মুণ্ডা নামৰ যুৱকজনৰ৷

নিশাই চন্দৰ মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰি আনি আজি পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে বোকাখাত আৰক্ষীয়ে প্ৰেৰণ কৰে৷