NORTHEAST NOW (Assamese)
অসম

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত অবৈধ গছ কটা চক্ৰ উৎখাত; বন বিভাগৰ অভিযানত এজন লোক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2020 5:35 pm

নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ এটা দলে ২৭ জুলাইত উদ্যানখনৰ ভিতৰুৱা অঞ্চলত অবৈধভাৱে গছ কটাৰ অভিযোগত জতন বসুমতাৰী (৩০) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

বন বিষয়া দেবাশিষ বুঢ়াগোঁহায়ে খবৰ দিয়াৰ লগে লগে ফৰেষ্টাৰ দীপক কলিতা আৰু অমৃত দলেৰ নেতৃত্বত এটা বন বিভাগৰ দলে ৰাষ্ট্ৰীয় উদ্যানখনৰ জিয়া-ভৰালী নদীৰ দিশে অভিযান চলাই অবৈধভাৱে গছ কাটি থকা পৰিলক্ষিত হয়।

আনহাতে, বন বিভাগৰ দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে বহুকেইজন লোকে নদীৰে সাতুৰি পলায়ন কৰিবলৈ সক্ষম হয় যদিও এজনক আটক কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ অভিযানকাৰী দলটোৱে এখন কাঠৰ নাওৰ লগতে কুঠাৰ, দাৰ লগতে ৰচী আদি সামগ্ৰীও উদ্ধাৰ কৰে।

বানপানীৰ সময়ত জিয়া ভৰলী নদীৰ পৃষ্ঠ বৃদ্ধি পোৱাৰ সময়তে অবৈধভাৱে গছ কটা দুষ্ট চক্ৰই ইয়াৰ সুযোগ গ্ৰহণ কৰি গছ সমূহ কাটি বিভিন্ন স্থানত বিক্ৰী কৰে।

বিগত ২৫ জুলাইতো বন কৰ্তৃপক্ষই অৰোজ আলি আৰু মানছ আলী নামৰ দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছিল।

বন কৰ্তৃপক্ষই দুয়োটা চক্ৰৰ মাজত সংযোগ থকা বুলি সন্দেহ ব্যক্ত কৰিছে।

কোভিড-১৯ৰ ল’কডাউনৰ সময়ত সহজ ধন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বন আৰু বনাঞ্চল সমূহ অবৈধ চক্ৰ সমূহৰ বাবে মূল লক্ষ্য হৈ পৰিছে।

নামেৰি ৰাষ্ট্ৰীয় উদ্যানো এনে অবৈধ চক্ৰৰ বাবে মূল লক্ষ্যস্থান হৈ পৰিছে যদিও বন বিভাগৰ লোক সকলৰ সক্ৰিয় ভূমিকাৰ বাবে অবৈধ চক্ৰসমূহৰ বহু চেষ্টা বিফল কৰা সম্ভৱপৰ হৈছে।

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে আটক হোৱা লোকজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে।