NORTHEAST NOW (Assamese)
অসম

৩০ জুলাইত ক’ৰ’নাৰ বিৰুদ্ধে দেৱবাদ্য মংগলধ্বনি কাৰ্য্যসূচী সফল কৰিবলৈ সদৌ অসম দেৱালয় সংঘৰ আহ্বান

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 28, 2020 10:39 pm
COVID19-positive-1140x570

বৰ্তমান সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন দেখুৱাই থকা ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে বিশ্বৰ প্ৰায় সকলো দেশৰ চিকিৎসক, চিকিৎসাকৰ্মী, শক্তি-জনস্বাস্থ্য-পানীযোগান, চাফাই কৰ্মী, আৰক্ষী, এম্বুলেঞ্চ সেৱা কৰ্মীক লৈ বিগত প্ৰায় পাঁচ মাহে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই অথচ বিশিষ্ট বিজ্ঞানী সকলে ভেকচিন তৈয়াৰ কৰাৰ বাবে উঠি পৰি লাগি আছে।

বিশ্বৰ এতিয়ালৈ প্ৰায় ১ কোটি ৫০ লাখৰো অধিক লোক কোভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে। ইতিমধ্যে বিজ্ঞানী সকলৰ লগে লগে আধ্যাত্মিক শক্তিৰে অধিকাৰী সৰ্ব শক্তিমান ইশ্বৰৰ ওচৰত এই ভয়াবহ পৰিস্থিতিৰ পৰা সমগ্ৰ বিশ্বক ৰক্ষা কৰিবলৈ বিশেষকৈ অসম তথা দেশত ভয়াবহ ৰূপ লোৱা এই ক’ৰ’না ভাইৰাছৰ আগ্ৰাসন ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ বিভিন্ন পন্থাৰ সৈতে জড়িত সনাতন ধৰ্মৰ বিভিন্ন অনুষ্ঠানৰ সমূহীয়া প্ৰাৰ্থনা ৩০ জুলাই তাৰিখে সন্ধিয়া ৬.৪৫ বজাৰ পৰা ১৫ মিনিটৰ বাবে দেৱাল, নামঘৰ, সত্ৰ, মন্দিৰ, বাসগৃহত বন্তি প্ৰজ্বলন কৰি ডবা, ঘণ্টা আদি দেৱবাদ্য বজাই মংগলধ্বনিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব।

সেয়েহে সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য্য আৰু প্ৰধান সম্পাদক কৈলাশ শৰ্মাই সনাতনী ধৰ্মৰ আটাইতকৈ প্ৰাচীন দেৱালয় সংঘৰ অন্তৰ্ভূক্ত সমগ্ৰ অসমৰ শতাধিক দেৱালয় সমূহক উক্ত দিনাখন যথা সময়ত বিশ্ববাসীৰ মংগলৰ বাবে ওপৰোক্ত কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে সমগ্ৰ অসম বাসী ৰাইজক উক্তদিনা সন্ধিয়া নিৰ্দ্ধাৰিত সময়ত নিজ গৃহত এই কাৰ্য্যসূচী চৰকাৰী নীতি-নিয়মমানি সফল কৰি তুলিবলৈ অনুৰোধ জনায়।