NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত নিৰ্মাণৰত ইণ্ডোৰ ষ্টেডিয়াম পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 8:00 am

সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লখিমপুৰ চহৰৰ সমীপৱৰ্তী পানীগাঁৱত নিৰ্মীয়মান ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ডোৰ ষ্টেজিয়াম পৰিদৰ্শন কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে এই ইণ্ডোৰ ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বুজ লয়।

পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীৰ লগত উপস্থিত থকা জিলা উপায়ক্তগৰকীয়ে ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্যৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে এই প্ৰকল্পটোত অনুমোদন জনাইছিল।

বৰ্তমান এই ক্ৰীড়া প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

মুখ্য মন্ত্ৰীৰ ষ্টেডিয়াম পৰিদৰ্শনৰ সময়ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, উপাযুক্ত ডাঃ জীৱন বি প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।