NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত পুনৰ চাৰিগৰাকী কোভিড-১৯ আক্ৰান্তৰ মৃত্যু; মৃতকৰ সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2020 8:31 am
COVID19-positive-death-1140x570

ত্ৰিপুৰাত মঙলবাৰে পুনৰ চাৰি গৰাকী লোকৰ কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মঙলবাৰে মৃত্যু হোৱা লোক চাৰিগৰাকীৰ সৈতে ৰাজ্যখনত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি পালে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মঙলবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি কয় ”দুৰ্ভাগ্যজনকভাৱে পুনৰ চাৰিগৰাকী কোভিড প’জিটিভ লোকৰ আজি মৃত্যু হয়।”

আনহাতে, মুখ্য মন্ত্ৰী দেৱে মঙলবাৰে ত্ৰিপুৰাত মুঠ ৬১৯৬ টা নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত ২২২ গৰাকী কোভিড-১৯ প’জিটিভ ৰোগী চিনাক্ত হয় বুলিও লগতে কয়।

”সজাগ হওঁক ৬১৯৬ টা নমুনাৰ ভিতৰত ২২২ টা কোভিড প’জিটিভ পোৱা গৈছে,” মুখ্য মন্ত্ৰী দেৱে টুইট কৰে।

নতুনকৈ কোভিড আক্ৰান্ত হোৱা ২২২ গৰাকী লোকৰ ভিতৰত ৭৬ গৰাকী পশ্চিম ত্ৰিপুৰাৰ, ২৬ গৰাকী চিপাহী জিলাৰ, ৩৯ গৰাকী গোমাটিৰ আৰু ২১ গৰাকী খোৱাই জিলাৰ।

তদুপৰি, উত্তৰ ত্ৰিপুৰা জিলাত ২২ গৰাকী লোক, উনাকটি জিলাত ৫ গৰাকী লোক, ঢলাইত ১২ গৰাকী লোক আৰু দক্ষিণ ত্ৰিপুৰাত ২১ গৰাকী লোক কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হয়।