NORTHEAST NOW (Assamese)
Popular Stories

৫ আগষ্টত নিউয়ৰ্কৰ টাইমছ স্কোৱেৰত ‘আবিৰ্ভাৱ’ হ’ব শ্ৰীৰাম চন্দ্ৰৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 5:22 pm
times-square-780x470

৫ আগষ্টৰ দিনটো ভাৰতৰ বাবে এক উল্লেখ যোগ্য দিন হিচাবে পৰিগণিত হ’ব।

কাৰণ দীৰ্ঘ দিনীয়া আইনী যুদ্ধৰ পিছত অযোধ্যাত সেই দিনটোতে স্থাপন কৰা হ’ব ৰাম মন্দিৰৰ আধাৰশিলা।

ভূমিপূজনৰ জৰিয়তে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভনি হ’ব লগীয়া দিনটোৰ বিৰল মূহুৰ্ত সমূহৰ সাক্ষী হৈ ৰ’ৱ দেশবাসী।

সেই দিনটোতে সুদূৰ আমেৰিকাতো উদ্ভাষিত হৈ উঠিব শ্ৰী ৰাম চন্দ্ৰ।

আমেৰিকাৰ টাইম স্কোৱেৰত থকা বিশাল বিলবোৰ্ডত উদ্ভাষিত হৈ পৰিব শ্ৰী ৰাম চন্দ্ৰৰ প্ৰতিমূৰ্ত্তিৰ লগতে নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ ছবি।

নিউয়ৰ্কৰ বিশ্ব বিখ্যাত টাইম স্কোৱেৰত লগাই ৰখা ১৭ হাজাৰ বৰ্গ ফুট আয়তনৰ বিলবোৰ্ডত উজলি উঠিবলগীয়া ৰামচন্দ্ৰ আৰু ৰাম মন্দিৰৰ ছবি লাখ লাখ লোকে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব বুলি আমেৰিকান ইণ্ডিয়া পাব্লিক এফেয়াৰ্ছ  কমিটিৰ কৰ্মকৰ্তা জগদীশ চেহৱানি বুধবৰাই প্ৰকাশ কৰিছে।

বুধবৰাৰ মতে আমেৰিকাত বাস কৰা প্ৰৱাসী ভাৰতীয় লোক সকলৰ ইচ্ছাৰ প্ৰতি সন্মাণ জনায়েই নিউয়ৰ্কৰ টাইম স্কোৱেৰত শ্ৰী ৰাম চন্দ্ৰৰ থ্ৰী ডি ছবি প্ৰচাৰৰ দিহা কৰা হৈছে।

উক্ত দিনা অযোধ্যাত প্ৰধানমন্ত্ৰী মোডীয়ে ভূমিপূজনৰ আঁত ধৰিব।