NORTHEAST NOW (Assamese)
দেশ

‘নাৰদ’ৰ জয়! দেশ কঁপোৱা প্ৰতিৰক্ষা কেলেংকাৰিত ৪ বছৰৰ কাৰাদণ্ড জয়া জেটলীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 8:36 pm
Jaya-Jaitley_20171218_600_855

চনটো আছিল ২০০১।

সেই চনৰে জানুৱাৰী মাহত লগত গোপন কেমেৰালৈ নতুন দিল্লীৰ প্ৰতিৰক্ষা দপ্তৰত প্ৰৱেশ কৰিছিল ‘নাৰদ’ নামেৰে খ্যাত সাংবাদিক মেথিউ ছেমুৱেল।

প্ৰতিৰক্ষা দপ্তৰে ক্ৰয় কৰিব বিচৰা থাৰ্মেল ইমেজাৰ যোগানৰ ঠিকা লাভৰ বাবে ছেমুৱেলে এটা ঠিকা প্ৰতিষ্ঠানৰ লোক হিচাবে সাক্ষাৎ কৰিছিল সমাজবাদী পাৰ্টীৰ মুৰব্বী জয়া জেটলী,একে দলৰে নেতা গোপাল পাচেৰৱালা আৰু সেনাৰ তদানীন্তন মেজৰ জেনেৰেল এছ পি মুৰগাইক।

ঠিকা আৱণ্টনৰ বাবে জয়া জেটলীয়ে টকা লোৱাৰ দৃশ্য বন্দী হৈছিল ছেমুৱেলৰ গোপন কেমেৰাত।

সেনা বিষয়া মুৰগাইয়ে লৈছিল ২০ হাজাৰ টকা।

তদানীন্তন প্ৰতিৰক্ষামন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেজৰ সৈতে অতি ঘনিষ্ঠ জয়া জেটলীয়ে উপঢৌকন লোৱাৰ ঘটনা সাংবাদিক ছেমুৱেলে ফাদিল কৰাৰ পিছতে দেশজুৰি হৈ-চৈ লাগি গৈছিল।

প্ৰায় ২০ বছৰৰ মূৰত চি বি আইৰ বিশেষ আদালতে আজি জয়া জেটলীৰ লগতে আন লোক দুজনক ৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।

চি বি আৰি আদালতৰ ন্যায়াধীশ বীৰেন্দ্ৰ ভাটে তিনি অভিযুক্তকে ১ লাখ টকাৰ ক্ষতিপূৰণ আদায়ৰো নিৰ্দেশ দিয়ে।

দীৰ্ঘ দিনৰ মূৰত প্ৰতিৰক্ষা কেলেংকাৰিত জড়িত ৰাজনীতিকে শাস্তি পোৱাত এতিয়া বহুতেই আশা প্ৰকাশ কৰিছে যে ৱেষ্টলেণ্ড হেলিকপ্তাৰ কেলেংকাৰি,কফিন কেলেংকাৰি আদিত জড়িত সকলেও শীঘ্ৰে শাস্তিৰ সন্মুখীন হ’ব।