NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় খেল পুৰস্কাৰৰ নিৰ্বাচন সমিতিত ক্ৰিকেটাৰ সেহৱাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2020 11:54 am

শুকুৰবাৰে ক্ৰীড়া মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় খেল পুৰস্কাৰ ২০২০ৰ বাবে ১২ জনীয়া এখন নিৰ্বাচক সমিতি গঠন কৰি দিয়ে।

এই সমিতিত প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ সেহৱাগ আৰু প্ৰাক্তন হকী খেলুৱৈ চৰদাৰ সিঙক অন্তৰ্ভু্ক্ত কৰিছে।

ন্যায়াধীশ মুকুন্দকম শৰ্মা এই সমিতিৰ অধ্যক্ষ বুলি মন্ত্ৰ্যালয়ৰ জাৰি কৰা বিজ্ঞপ্তিৰ জৰিয়তে জানিব পৰা যায়।

সমিতিৰ সদস্য সকল হৈছে সেহৱাগ (ক্ৰিকেট), চৰদাৰ (হকী), মনালিছা বৰুৱা মেহতা (টেবুল টেনিছ), দীপা মালিক (পেৰা এথলেটিকছ) আৰু ভেংকাটাছন দেৱৰাজন (বক্সিং)।

ইয়াৰ উপৰি ধাৰা ভাষ্যকাৰ মনীষ বটাৱিয়া, ক্ৰীড়া সাংবাদিক আলোক সিনহা আৰু নীৰু ভাটিয়াও এই সমিতিত আছে।

ক্ৰীড়া মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মহানিৰ্দেশক সন্দীপ প্ৰধান, ক্ৰীড়া বিভাগৰ যুটীয়া সচিব এল এছ সিং আৰু টাৰ্গেট অলিম্পিক প’ডিয়াম (টপছ) যোজনাৰ চি ই অ’ ৰাজেশ ৰাজাগোপালন এই সমিতিত থাকিব।

দ্ৰোণাচাৰ্য পুৰস্কাৰৰ বাবে অধ্যক্ষই দুজন অতিৰিক্ত সদস্যক সমিতিত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

উল্লেথ্য যে এই সমিতিখনে ৰাজীৱ গান্ধী খেল ৰত্ন, দ্ৰোণাচাৰ্য পুৰস্কাৰ, ধ্যানচন্দ পুৰস্কাৰকে ধৰি আন আন পুৰস্কাৰৰ বাবে বিজয়ীসকলৰ নাম নিৰ্বাচিত কৰিব।

কিম্বদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মদিন উপলক্ষ্যে প্ৰতিবছৰে ২৯ আগষ্টত এই বঁটাসমূহ প্ৰদান কৰি অহা হৈছে।