NORTHEAST NOW (Assamese)
অসম

হোজাইত তিনিটা সংস্থাৰ তৎপৰতাত ব্যৰ্থ হ’ল বাল্য বিবাহৰ ঘটনা

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা August 2, 2020 10:08 am
Story-1

হোজাইৰ জিলা আইন সেৱা কৰ্তৃপক্ষ, চাইল্ডলাইন আৰু আৰক্ষী কৰ্তৃপক্ষই এক বিশেষ খৱৰৰ ভিত্তিত শনিবাৰে হোজাই জিলাৰ কাকীত এক বাল্য বিবাহৰ ঘটনা ব্যৰ্থ কৰে।

তথ্য অনুসৰি, এগৰাকী ১৪বছৰীয়া নাবালিকাক পিতৃ-মাতৃয়ে বহু বয়সস্থ এজন ব্যক্তিলৈ বিয়া দিয়াৰ বাবে সাজু হৈছিল।

ইপিনে, এই কথা জানিব পাৰি ছোৱালীজনীয়ে তেওঁৰ একে বয়সৰ প্ৰেমিকৰ সৈতে পলাই যায় আৰু বিয়া পাতিবলৈ সাজু হয়।

এই খৱৰ লাভ কৰাৰ পাছত জিলা আইন সেৱা কৰ্তৃপক্ষ, চাইল্ডলাইন আৰু আৰক্ষীয়ে অনুষ্ঠিত হোৱাৰ পূৰ্বে বিবাহ বন্ধ কৰিবলৈ সক্ষম হয় আৰু নাবালিকা গৰাকীক তেওঁলোকৰ জিম্মাত লয়।

ইয়াৰ পাছতে ছোৱালীজনীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু পাছত নাবালিকাগৰাকীক তেওঁৰ পিতৃ-মাতৃক চমজাই দিয়া হয়।

ইপিনে, চাইল্ডলাইনে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে।

আনহাতে, জিলা আইন সেৱা কৰ্তৃপক্ষৰ সাধাৰণ সম্পাদিকা তথা দণ্ডাধীশ প্ৰণীতা মৰাঙে দুয়োটা পক্ষকে সোমবাৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে হোজাইৰ জিলা আইন সেৱা কৰ্তৃপক্ষ, চাইল্ডলাইন আৰু আৰক্ষী কৰ্তৃপক্ষই যৌথভাৱে বাল্য বিবাহৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছে।

এতিয়ালৈকে চলিত বছৰত তেওঁলোকে ৬০খনতকৈয়ো অধিক বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে।