NORTHEAST NOW (Assamese)
অসম

মৰিয়নীৰ ৰাজপথত ঠেলা চলাই বান সাহায্য সংগ্ৰহ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ 

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 2, 2020 7:49 pm

যোৰহাট জিলাৰ মৰিয়নীৰ ৰাজপথত দেওবাৰে ঠেলাচালকৰ ৰূপত দেখা পোৱা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী।

পূৰ্বেও বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা পোৱা গৈছিল কংগ্ৰেছী বিধায়ক গৰাকীক।

দেওবাৰে বিধায়ক গৰাকীয়ে মৰিয়নীৰ ৰাজপথত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বানক্ৰান্ত ৰাইজৰ বাবে বান সাহায্য সংগ্ৰহ কৰে।

বিধায়ক কুৰ্মীয়ে নিজে ঠেলা চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বানাক্ৰান্ত সকলৰ বাবে সমষ্টি বাসীৰ পৰা বান সাহায্য সংগ্ৰহ কৰে।

বৰ্তমান ক’ৰ’নাৰ লগতে বানপানীয়ে অসমবাসীক জুৰুলা কৰি তুলিছে। এই বানাক্ৰান্ত সকলৰ দুখৰ সমভাগী হৈ বিধায়ক গৰাকীয়ে নিজেই ঠেলা লৈ ওলাই আহে l

বিধায়ক কুৰ্মীৰ লগতে মৰিয়নী কংগ্ৰেছ যুৱ সমিতি, এন এছ য়ু আইৰ কৰ্মকৰ্তা, মৰিয়নীৰ সচেতন নাগৰিক সকলে এই কাৰ্য্যসুচীত সহযোগিতা কৰে ৷

৩০ জুলাইৰ পৰা আৰম্ভ কৰা বান সাহায্য সংগ্ৰহ কায্যসূচীত গৰিষ্ঠ সংখ্যক লোকে মুক্তহস্তে দান বৰঙনি আগবঢ়ায়।