NORTHEAST NOW (Assamese)
অসম

বান পৰিস্থিতিৰ সামান্য উন্নতি: পানী শুকাবলৈ লৈছে যদিও আঁতৰা নাই দুৰ্ভোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2020 9:30 am
Story-1-9-750x375

 

ৰাজত বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বানা্ক্ৰান্ত ৰাইজৰ দুৰ্ভোগ এতিয়াও আঁতৰা নাই।

ৰাজ্যৰ ১৯ খন জিলাৰ ৪৯ টা ৰাজহ চক্ৰৰ ১০৮৭ খন গাওঁ এতিয়াও পানীৰ তলতে আছে।

চৰকাৰে  স্থাপন কৰা আশ্ৰয় শিৱিৰৰ ভিতৰৰে ৯৩ টা শিৱিৰত এতিয়াও ১১,৮৮৭ গৰাকী বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে।

শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ৫১,৭৬৯.৮৯ হেক্টৰ কৃষি ভূমি।

এতিয়া ৰাজ্যৰ ১৯ খন জিলাত সংহাৰী বানে ত্ৰাসৰ সৃষ্টি কৰি আছে।বানৰ ফলত এতিয়ালৈকে অসমত মৃত্যু ঘটিছে ১০৯ গৰাকী লোকৰ।

২৭ খন জিলাৰ ভিতৰত বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা কেইখন হৈছে ক্ৰমে শোণিতপুৰ,বিশ্বনাথ চাৰিআলি,তিনিচুকীয়া,লখিমপুৰ,বঙাইগাওঁ,কামৰুপ,গোলাঘাট,

শিৱসাগৰ,ধেমাজী,বৰপেটা,ওডালগুৰি,গোৱালপাৰা,ডিব্ৰুগড,ধুবুৰী, নগাওঁ আদি।

বানাক্ৰান্ত জিলা সমূহত চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাইছে যদিও সেয়া পৰ্যান্ত নহয় বুলি বিভিন্ন জনে আপত্তি কৰিছে।

চৰকাৰে ২৭ খন জিলাত ৭১১ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে । ৰাজ্যৰ শেহতীয়া বানত প্ৰায় ২২ লাখ পশুধন ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

কালান্তক বানে এইবেলি ৰাজ্যৰ  মুঠ ১১৬,৪০৪ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু ঘটিছে শতাধিক বন্যপ্ৰাণীৰ।