NORTHEAST NOW (Assamese)
অসম

এপ বাতিল হ’লেও আই পি এল স্পনছৰ কৰিব চীনৰ কোম্পানীয়েই, আব্দুল্লাৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2020 10:44 am
IPL-Omar

বহু অনিশ্চয়তাৰ অন্তত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে চলিত বৰ্ষৰ আই পি এল সংযুক্ত আৰৱ গণৰাজ্যত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে।

১৯ ছেপ্তেন্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ খেল সমূহ নিৰাপদ পৰিবেশত অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে।

আই পি এলৰ গভৰ্ণিং কমিটিৰ অধ্যক্ষ ব্ৰীজেশ পেটেলে প্ৰকাশ কৰা মতে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি নজৰ ৰাখি টাটা কোম্পানীয়ে এইবাৰ আই পি এলৰ খেল সমূহ অনুষ্ঠিত কৰাৰ বাবে প্ৰকৃতি অনুকূল বিশেষ পৰিবেশৰ সৃষ্টি কৰিব।

১০ নৱেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ এইবাৰো মুখ্য স্পনছৰৰ দায়িত্বত আছে চীনৰ মোবাইল ফোনৰ কোম্পানী ‘ভিভো’।

লাডাখ সংকটৰ পিছতে ভাৰতে চীনৰ মুঠ ১০৬ টা এপ নিষিদ্ধ কৰিছে।

একেদৰে দেশৰ বিভিন্ন প্ৰান্তত বৰ্জন কৰা হৈছে চীনৰ সামগ্ৰী।

ইমানৰ পিচতো আই পি এলৰ মুখ্য স্পনছৰৰ দায়িত্ব চীনৰ কোম্পানীক দিয়াত বিভিন্ন জনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে ভাৰতে চীনৰ সামগ্ৰী বৰ্জন কৰিব লাগে বুলি কৈ আহিছে, চীনৰ এপো নিষিদ্ধ কৰিছে।

ইমানৰ পিচতো আই পি এলৰ স্পনছৰৰ দায়িত্ব ভিভো কোম্পানীক দি নিজৰ দুমুখীয়া স্থিতি প্ৰকাশ কৰিছে।

উল্লেখ্য যোৱা বছৰো ভিভোই আই পি এল অনুষ্ঠিত কৰাৰ বাবে বি চি চি আইক ৪৪০ কোটি টকা দিছিল।