NORTHEAST NOW (Assamese)
অসম

সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে মুম্বাইত উপস্থিত হোৱা পাটনাৰ এছ পিক বিএমচিয়ে কৰিলে কোৱাৰেন্টাইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2020 11:09 am
WhatsApp Image 2020-08-03 at 10.21.01 AM

বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তক লৈ বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত সংঘাত বৃদ্ধি পাইছে।

যোৱা মঙলবাৰে সুশান্তৰ পিতৃয়ে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পাটনাৰ ৰাজীৱ নগৰ আৰক্ষী থানাত সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাকে ধৰি একাধিক ধাৰাত গোচৰ দাখিল কৰিছিল।

সুশান্তৰ পিতৃৰ এজাহাৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ চাৰিজনীয়া এটা দল মুম্বাইত উপস্থিত হয়। মুম্বাই আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ দলটোৰ সৈতে সম্পূৰ্ণ অসহযোগিতা কৰাৰ অভিযোগ উঠিছে।

বিহাৰ আৰক্ষী দলটোৰ নেতৃত্ব দিছে পাটনাৰ আৰক্ষী অধীক্ষক বিনয় তিৱাৰীয়ে। মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক জোৰ কৰি কোৱাৰেন্টাইন কৰাৰ অভিযোগ উঠিছে।

দেওবাৰে নিশা বিহাৰ আৰক্ষীৰ সঞ্চালক প্ৰধান গুপ্তেশ্বৰ তিৱাৰীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিয়ে যে সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে চৰকাৰী ডিউটিত পাটনা আৰক্ষীৰ দল এটাৰ নেতৃত্ব লৈ দেওবাৰে মুম্বাইত উপস্থিত হোৱা আইপিএছ বিষয়া বিনয় তিৱাৰীক বিএমচিৰ বিষয়াসকলে নিশা ১১বজাত জোৰ কৰি কোৱাৰেন্টাইন কৰিছে।

এছ পি বিনয় তিৱাৰীক ১৪দিনৰ কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া হৈছে। বিএমচিয়ে আন ৰাজ্যৰ পৰা অহা বাবেই কৰ’না বিধি মানি তেওঁ পৰৱৰ্তী ১৪ দিনৰ বাবে গৃহবন্দী হৈ থাকিব লাগিব বুলি জনায়।

উল্লেখ্য, ইয়াৰ পূৰ্বে পাটনা আৰক্ষীৰ দুগৰাকী আৰক্ষী পৰিদৰ্শক তদন্তৰ বাবে মুম্বাইলৈ আহিছিল যদিও তেওঁলোকক বৃহন্মুম্বাই পৌৰনিগমে কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া নাছিল।

মুঠতে সুশান্তৰ মৃত্যুৰ তদন্তক লৈ বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এক অঘোষিত সংঘাত আৰম্ভ হৈছে।

অহা ৫ আগষ্টত উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব আৰু আদালতৰ ৰায়ৰ ওপৰতে সংশ্লিষ্ট সকলোৱে অপেক্ষা কৰিছে।