NORTHEAST NOW (Assamese)
অসম

কিয় গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ প্ৰসংগ লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল এগৰাকী আবেদনকাৰী?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 4, 2020 12:55 pm
GUWAHATI_SMART_CITY_MAKEOVER_MISSION

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ৰূপায়িত এখন আঁচনিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াইছে।

বিভিন্ন ত্ৰুতি-আঁসোৱাহ উদঘাটনৰে ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে চৈয়দ আব্দুল্লাহ আল আমানে।

গুৱাহাটী স্মাৰ্ট চিটি আঁচনিৰ অধীনত মহানগৰীত ৰূপায়িত হ’বলগীয়া “System Integrator for Implementation of Integrated Command and Control Centre, ITMS and City Surveillance System ৰ বাবে ই-টেণ্ডাৰযোগে বিচৰা নিবিদাৰ প্র-পত্ৰ ও বিৱৰণীত বিভিন্ন ত্ৰুটি তথা আঁসোৱাহ সন্নিবিষ্ট হোৱাৰ তথ্য পোহৰলৈ অহাত উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় আমান।

৪২/২০২০ যোগে দিয়া এই আবেদনৰ জৰিয়তে আবেদনকাৰীয়ে উক্ত নিবিদাত সন্নিবিষ্ট জনস্বাৰ্থ বিঘ্নিত হ’ব পৰা কিছু দিশ যেনে বানপানী সমস্যা বা ভূমিৰ গুণগত মানদণ্ড পৰ্য্যালোচনা নোহোৱা আদিৰ বিষয়ে বিশদ বিৱৰণ ও ইয়াৰ ফলত সৃষ্টি হ’ব পৰা ক্ষতি সম্পৰ্কে বিজ্ঞানসন্মত বিশ্লেষণ আগবঢ়ায়।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি আবেদনকাৰীয়ে লগতে আশা প্ৰকাশ কৰি কয়, ‘ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে আবেদনখন অতি জৰুৰী বিবেচনা কৰি ন্যায়ালয়ৰ পঞ্জীয়কক শীঘ্ৰে শুনানিৰ দিন ধাৰ্য কৰিবলৈ নিৰ্দেশ দিব।‘

আবেদনকাৰী আমানৰ মতে ‘খৰতকীয়াকৈ ই-টেণ্ডাৰযোগে নিবিদা আহ্বান কৰাৰ অন্তৰালত কোনো বিশেষ ঠিকাদাৰক লাভাম্বিত কৰাৰ মানসিকতাই ক্ৰিয়া কৰিছে।‘

‘৪০০ কোটি টকাৰ বৃহৎ পৰিমাণৰ পুঁজি আবন্টন পোৱাৰ পাছতো কাৰ্য্য ৰূপায়ণৰ গতি অধিক মন্থৰ হোৱাৰ বাবে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প কৰ্তৃপক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্য্য প্ৰণালী সংশোধন ও উন্নীতকৰণৰ বাবে পূৰ্বতেও নিৰ্দেশনা জাৰি কৰিছিল,‘-আমানে এইদৰে কয়।