NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ছগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১২১লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 8:13 pm
Covid death toll in Assam reaches 930

ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে–  কামৰূপ মহানগৰৰ ৰমেশ চন্দ্ৰ মেধি (৮১), ডিব্ৰুগড়ৰ ৰাম কুমাৰ মাহাত’ (৫৮) আৰু তাৰিণী চৰণ কলিতা (৬০), তিনিচুকীয়াৰ বাদল দেবনাথ (৫৬), কাছাৰৰ কানু পাল (৫৬) আৰু দৰঙৰ লালভানু খাতুন (৩৫)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ১২১লৈ বৃদ্ধি পাইছে।

মঙলবাৰলৈকে অসমত ক’ভিডত ১১৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

ইয়াৰ বিপৰীতে অসমত মঙলবাৰলৈকে ৩৪,৪২১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত মঙলবাৰলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৩,৬২২গৰাকী।

অসমত মঙলবাৰ পৰ্য্যন্ত চিনাক্ত ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৪৮,১৬১গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।