NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ পূৰ্বে বিধায়ক শ্বেৰমান আলীৰ ভেটিত কঁপনি তুলিছে এ আই য়ু ডি এফে

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস August 6, 2020 6:44 pm
WhatsApp Image 2020-08-06 at 4.48.51 PM

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ভেটিত কঁপনি তুলি নিৰ্বাচনৰ পূৰ্বে এআইয়ুডিএফ দলে কছৰৎ আৰম্ভ কৰিছে।

কংগ্ৰেছৰ শক্তিশালী দুৰ্গ সমষ্টিটোত ভাঙোন সৃষ্টি কৰি এআইয়ুডিএফে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে বাঘবৰৰ দুই শক্তিশালী নেতা ক্ৰমে ৰাজীৱ আহমেদ আৰু আবুল কালাম আজাদৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক সমৰ্থক আৰু কংগ্ৰেছ কৰ্মীয়ে এআই য়ু ডি এফ দলত যোগদান কৰে ৷

এ আই য়ু ডি এফ দলৰ বৰপেটাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বাঘবৰৰ বিশিষ্ট সমাজকৰ্মী তথা ৰাজনৈতিক নেতা ৰাজীৱ আহমেদ আৰু জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা বাঘবৰৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা আবুল কালাম আজাদে আনুষ্ঠানিকভাবে এ আই ইউ ডি এফ দলত যোগদান কৰে ৷

এ আই য়ু ডি এফ দলৰ কেন্দ্ৰীয় সম্পাদক আমিনুল ইছলাম, জিলা সভাপতি ছামচুদ্দিন কাশিমী, জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে ফুলাম গামোচা, জাপি আৰু শৰাইৰে তেওঁলোকক আদৰণি জনাই দলত যোগদান কৰায় ৷

এই নেতাদ্বয়ৰ লগতে পাঁচ শতাধিক সমৰ্থক আৰু কংগ্ৰেছ কৰ্মীয়েও এ আই য়ু ডি এফ দলত যোগদান কৰে ৷