NORTHEAST NOW (Assamese)
অসম

উদমাৰী চাহ বাগিছাত চিকিৎসাৰ অভাৱত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা August 6, 2020 8:54 pm
WhatsApp Image 2020-08-06 at 5.12.31 PM

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰী চাহ বাগিছাত কৰ্মৰত এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰ আৰু চাহ বাগিছাৰ কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবে সম্প্ৰতি অসম চাহ নিগমৰ অধীনৰ একাংশ চাহ বাগিছাত চাহ শ্ৰমিক সকলে জীয়াতু ভুগিব লগা হৈছে।

জানিব পৰা মতে লুংচুং চাহ বাগিছাৰ অধীনৰ উদমাৰী শাখা চাহ বাগিছাত কৰ্মৰত শ্ৰমিক তথা উদমাৰী লাইনৰ নিবাসী দীপক ঘাটোৱালৰ পুত্ৰ মহেশ ঘাটোৱাল (২১) নামৰ স্থায়ী  শ্ৰমিক জন যোৱা ৫ আগষ্টৰ বিয়লি অসুস্থ হৈ পৰে।

তেওঁক চিকিৎসাৰ বাবে নগাঁৱলৈ বাগিছাৰ এম্বুলেঞ্চৰে নিবলৈ অমান্তি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

যুৱক জনক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও যোৱা ৫ আগষ্টৰ সন্ধিয়া সময়ত যুৱক জনৰ মৃত্যু ঘটে ৷

পৰবৰ্তী সময়ত মহেশৰ মৃতদেহটো বাগিছাৰ এম্বুলেঞ্চৰে ঘৰলৈ আনিবলৈও অমান্তি হোৱা কাৰ্যৰ বিৰুদ্ধে আজি চাহ শ্ৰমিক সকলৰ লগত আছাকে ধৰি কেইবাটাও সংগঠনে উদমাৰী চাহ বাগিছাৰ কৰ্তৃপক্ষৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী সকলে উদমাৰী শাখা চাহ বাগিছাৰ কাৰ্যালয়ৰ অধীনত এখন স্থায়ী এম্বুলেঞ্চ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা আদিকে ধৰি বহু কেইটা দাবী কৰ্তৃপক্ষৰ সন্মুখত উত্থাপন কৰে ৷

আছাকে ধৰি বহুকেইটা চাহ জনজাতি সংগঠনৰ উদ্যোগত বহু সময় ধৰি কাৰ্যালয়টো ঘেৰাও কৰাৰ পিছত অৱশেষত চাহ বাগিছাৰ কৰ্তৃপক্ষই উক্ত সমগ্ৰ বিষয়টোৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় বুলি জানিব পৰা গৈছে ৷