NORTHEAST NOW (Assamese)
অসম

অভিনেতা সঞ্জয় দত্তক চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 11:27 pm
Bollywood actor Sanjay Dutt diagnosed with lung cancer: Report

বলিউড অভিনেতা সঞ্জয় দত্তক উশাহ লোৱাত অসুবিধা পোৱাৰ বাবে শনিবাৰে সন্ধিয়া মুম্বাইৰ লীলাৱতী হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

অভিনেতাজনে টুইটাৰত জনোৱা মতে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ।

৬১ বছৰীয়া অভিনেতাজনৰ ক’ভিড১৯ৰ ৰেপিড এণ্টিজেন পৰীক্ষাত ফলাফল নিগেটিভ আহিছে।

কিন্তু নিশ্চিতকৰণৰ বাবে স্বাব নমুনা সংগ্ৰহ কৰা হৈছে।

অভিনেতাজনক নন-ক’ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসকলে সংবাদ মাধ্যমক জনোৱা মতে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱা আৰু দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ কাৰণ জনাৰ বাবে আৰু কিছু টেষ্ট কৰা হ’ব।