NORTHEAST NOW (Assamese)
অসম

কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী কোভিড-১৯ প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2020 7:23 pm

দেওবাৰে কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী বি শ্ৰীৰামুলুই নিজে ক’ৰ’না প’জিটিভ হোৱা বুলি টুইট কৰি সদৰী কৰে।

চৰ্দি আৰু জ্বৰত ভূগি থকাৰ পাছত শ্ৰীৰামুলুক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

”ক’ৰ’না ভাইৰাছৰ আৰম্ভণিৰে পৰা মই ৰাজ্যখনৰ ৩০ খন জিলা ভ্ৰমণ কৰিছো আৰু চৰকাৰৰ তৰফৰ পৰা ৰাইজৰ হৈ কাম কৰাৰ বাবে সুযোগ লাভ কৰিছো,” তেওঁ লগতে লিখে।

আনহাতে, কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলে শ্ৰীৰামুলুক শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে কামনা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও দিল্লীৰ স্বাস্থ্য মন্ত্ৰী আৰু উত্তৰপ্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।