NORTHEAST NOW (Assamese)
অসম

বিকল্পহীন কংগ্ৰেছ: নেতা বিচাৰি নাপাই পুনৰ ছোনিয়াকে দায়িত্ব অন্তৰ্ৱতীকালীন সভাপতিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 11:29 am
Sonia-Rahul-CWC

পৰিয়ালতন্ত্ৰকে খামুচি থকা দেশৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছত এতিয়া নেতাৰ অভাৱ।

সভাপতিৰ দায়িত্ব অৰ্পন কৰিব পৰাকৈ নেতা বিচাৰি নাপাই অৱশেষত পুনৰ ছোনিয়া গান্ধীকে দলৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্বত বাহাল ৰখা হ’ল।

২০১৯ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ আগষ্টৰ দিনতে ততাতৈয়াকৈ ছোনিয়া গান্ধীক কংগ্ৰেছৰ অন্তৱৰ্তী সভাপতি হিচাবে দায়িত্ব সপি দিয়া হৈছিল।

কংগ্ৰেছৰ সংবিধান অনুসৰি অন্তৰ্ৱতী সভাপতিৰ কাৰ্যকাল এবছৰত কৈ বেছি হ’ব নোৱাৰে।

সেই বাবেই নতুন সভাপতি বাচনিৰ বাবে বহিছিল কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠক।

কিন্তু সভাপতি হোৱাৰ জোখাৰে নেতা বিচাৰি পোৱা নগ’ল। সেয়ে উপায়হীন হৈ ছোনিয়া গান্ধীৰেই কাৰ্যকাল পুনৰ বঢ়াই দিয়া হ’ল।

সিদ্ধান্ত অনুসৰি কম দিনতে নতুন সভাপতি এজন বাচি উলিওৱা হ’ব। কিন্তু সেই কম দিনটো কেতিয়া আহে সেয়াহে দলৰ কোনেও ক’ব পৰা নাই।

লোকসভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছৰ এজন নতুন সভাপতি নিৰ্বচন কৰা হ’ব বুলি কোৱা হৈছিল যদিও অন্তৰ্কলহত বিধ্বস্ত দলটোৱে সেয়া কৰিব পৰা নাই।

ইপিনে শশী থাৰুৰকে ধৰি বহু জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীয়েই পুনৰ সভাপতিৰ পদ গ্ৰহণ কৰাটো বিচাৰিছে যদিও ৰাহুলে পূৰ্বৰ স্থিতিতে অটল থাকি সেয়া অসম্ভৱ বুলি কৈছে।