NORTHEAST NOW (Assamese)
অসম

১০২ দিনৰ বিৰতিৰ অন্তত নিউজিলেণ্ডত পুনৰ ক’ৰ’না ভাইৰাছৰ ভুমুকি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 7:29 pm

নিউজিলেণ্ডত সুদীৰ্ঘ ১০২ দিনৰ বিৰতিৰ অন্তত পুনৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।

১০২ দিন পূৰ্বে নিউজিলেণ্ড চৰকাৰে দেশখনত ক’ৰ’না মুক্ত বুলি ঘোষণা কৰিছিল।

শেহতীয়াভাৱে দেশখনৰ এটা পৰিয়ালৰ চাৰিগৰাকী সদস্য কোভিড-১৯ প’জিটিভ হিচাপে চিনাক্ত হয়।

নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী জেচিণ্ডা আৰডেৰ্ণে অকলেণ্ডত শুকুৰবাৰৰ নিশালৈ ল’কডাউন ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তো নিউজিলেণ্ডে দেশখনত মহামাৰী ভাইৰাছ বিধৰ সংক্ৰমণ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

”১০২ দিনৰ বিৰতিৰ অন্তত আমাৰ দেশত পুনৰ ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে…….আমি সকলোৱে এই ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে পৰিকল্পনা গ্ৰহণ কৰিছো,” নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে  এইদৰে কয়।