NORTHEAST NOW (Assamese)
Popular Stories

মহেন্দ্ৰ সিং ধোনীৰ ক’ৰ’না টেষ্ট সম্পন্ন; আজি আহিব ৰিজাল্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 12:53 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ক’ৰ’না টেষ্টৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু তেওঁৰ আজি ৰিপ’ৰ্ট আহিব।

যদিহে ধোনীৰ ক’ৰ’না ৰিপ’ৰ্ট নিগেটিভ আহে তেন্তে এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া চেন্নাই ছুপাৰ কিংছ দলৰ অনুশীলন শিৱিৰত ভাগ ল’ব।

অনুশীলন শিৱিৰত ভাগ ল’বলৈ ধোনীয়ে ১৪ অথবা ১৫ আগষ্টত চাৰ্টাৰ্ড প্লেনেৰে ৰাওনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে চলিত বছৰৰ আই পি এল ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে ধোনী সহিতে চেন্নাই ছুপাৰ কিংছ দলটো ২১ আগষ্টত ৰাওনা হ’ব।

আই পি এলত অংশ লোৱাৰ বাবে য়ু এ ইলৈ ৰাওনা হোৱা প্ৰথমটো দল হ’ব চেন্নাই ছুপাৰ কিংছ।

১৫ আগষ্টৰ পৰা চলিব লগীয়া চেন্নাই ছুপাৰ কিংছৰ অনুশীলন শিৱিৰটোৰ লক্ষ্য হ’ল পুনৰ এবাৰ সকলোবোৰ ক্ৰিকেটাৰক একত্ৰিত কৰা।

আই পি এলৰ আটাইতকৈ সফল দলটোৰ অনুশীলন শিৱিৰটোত ৰবীন্দ্ৰ জাদেজাসহ কেইবাগৰাকীও আগশাৰীৰ ক্ৰিকেটাৰ অনুপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

চলিত বছৰৰ আই পি এল অহা ১৯ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু প্ৰতিযোগিতাৰ ফাইনেল মেচখন ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব।