NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ দীৰ্ঘতম অকংগ্ৰেছী প্ৰধান মন্ত্ৰী হিচাপে পৰিগণিত নৰেন্দ্ৰ মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 6:26 pm
modi12222

অকংগ্ৰেছী প্ৰধান মন্ত্ৰী হিচাপে দীৰ্ঘতম সময়ৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা প্ৰধান মন্ত্ৰী হিচাপে আজি পৰিগণিত হয় নৰেন্দ্ৰ মোদী।

আনহাতে, মোদীয়ে লগতে আজি ভাৰতৰ চতুৰ্থ গৰাকী দীঘলীয়া সময়ৰ বাবে কাৰ্য্যনিৰ্বাহ কৰি থকা প্ৰধান মন্ত্ৰী হিচাপেও পৰিগণিত হয়।

নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত অটল বিহাৰী বাজপেয়ীক অতিক্ৰম কৰে।

ভাৰতত বৰ্তমানলৈ মুঠ ১৪ গৰাকী প্ৰধান মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।

২০১৪ চনত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত বিজয়ী হৈ দ্বিতীয় বাৰৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

২০১৯ চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা নিৰ্বাচিত হয়।

নৰেন্দ্ৰ মোদীৰ পূৰ্বে কংগ্ৰেছৰ মনমোহন সিং ক্ৰমাগত দুটা কাৰ্য্যকালৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে আছিল।