NORTHEAST NOW (Assamese)
অসম

আদালতত শুনানিৰ সময়ত অধিবক্তাৰ মুখত গুটখা; উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে দিলে সকীয়নি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2020 6:44 am
Supreme_Cxourt_

কোভিড-১৯ৰ সংক্ৰমণৰ কাৰণে গোটেই দেশতে সকলো ক্ষেত্ৰতে প্ৰভাৱ পৰিছে। ন্যায়াপালিকাৰ কাৰ্যব্যৱস্থাতো ইয়াৰ প্ৰভাৱ পৰিছে।

কৰ’না কালত বৰ্তমান আদালতে কেৱল জৰুৰী গোচৰৰহে শুনানি গ্ৰহণ কৰিছে।

আদালতত শুনানি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অৰ্থাৎ ভাৰ্ছুৱেল শুনানিহে অনুষ্ঠিত হৈছে।

উচ্চ ন্যায়ালয়সমূহত ভাৰ্ছুৱেল শুনানিৰ সময়ত প্ৰায়েই আমোদজনক ঘটনা কিছুমানো পোহৰলৈ আহিছে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ভাৰ্ছুৱেল শুনানিৰ সময়ত এগৰাকী অধিবক্তাই গুটখা খোৱাৰ বাবে তেওঁক সকীয়াই দিবলগীয়া হয়।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰই এগৰাকী জ্যেষ্ঠ অধিবক্তাক আদালতৰ মৰ্যাদা ৰক্ষা কৰিবলৈ সকীয়াই দিয়ে।

ঘটনা অনুসৰি, জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হোৱা শুনানিৰ সময়ত তেওঁক প্ৰথমতে পাইপ হুপি থকা আৰু তাৰপাছত হোকা খোৱা দেখা যায়।

কিন্তু সেই সময়ত আদালতে ঘটনাটোত হয়তো ভালদৰে মন নকৰিলে বা গুৰুত্ব দি চোৱা নাছিল।

উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানৰ সৈতে এই ঘটনা বৃহস্পতিবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জয়পুৰ বিচাৰপীঠে কংগ্ৰেছৰ সৈতে বহুজন সমাজবাদী পাৰ্টিৰ ছয়গৰাকী বিধায়কৰ চামিলৰ প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত সংঘটিত হৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এগৰাকী অধিবক্তাই নিজৰ শোৱনি কোঠাত বিচনাত বগা টী-ছাৰ্ট পৰিধান কৰিয়েই নিজৰ যুক্তি দাঙি ধৰাৰ সময়ত আদালতে তেওঁক মৰ্যাদাৰ বিষয়ে সকীয়াই দিবলগীয়া হৈছিল।