NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব কংগ্ৰেছে : কমল নাথ

Posted by: এন ই নাও নিউজ March 3, 2018 8:27 pm
Kamal-Nath

শনিবাৰে দিনটোৰ শেষলৈ মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে দাবী তুলিব কংগ্ৰেছে। এই অভিযানত সফল হ’ব বুলি আত্মবিশ্বাস প্ৰদৰ্শন কৰি জ্যেষ্ঠ নেতা কমল নাথে শনিবাৰে এই কথা সদৰী কৰে।

আজি ঘোষিত বিধানসভা নিৰ্বাচনত ওলোমা ফলাফল হোৱা মেঘালয়ত চৰকাৰ গঠনৰ চেষ্টা কৰিবৰ বাবে জ্যেষ্ঠ আহমেদ পেটেল আৰু মুকুল ৱাচনিকৰ সৈতে আহি ইয়াত উপস্থিত হোৱা নাথে কয়, ‘আমি আজি ৰাতি ৰাজ্যপালক এই দাবী কৰিম আৰু চৰকাৰ গঠনৰ বাবে আমাক মাতিবলৈ তেওঁক অনুৰোধ জনাম।’

তেওঁ কয় যে চৰকাৰ গঠনৰ বাবে মেঘালয়ৰ সকলো আঞ্চলিক দলৰ সৈতে কংগ্ৰেছ যোগাযোগত আছে। যিমান পাৰি অসুবিধা দিবৰ বাবে আৰু কংগ্ৰেছক ক্ষমতাৰ পৰা আঁতৰোৱাৰ বাবে ধনবল ব্যৱহাৰ কৰা বুলি তেওঁ বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে।

ত্ৰিপুৰাত বিজেপিয়ে বাওঁ মৰ্চাক ক্ষমতাৰ পৰা হতোৱা সন্দৰ্ভত নাথে কয় যে ৰাজ্যখনত কংগ্ৰেছ প্ৰতিদ্বন্দ্বী নাছিল। তেওঁ কয়, ‘কিন্তু ত্ৰিপুৰাৰ ৰাইজে খুব সোনকালেই বুজি পাব আৰু তেওঁলোকে এক বৃ্হৎ শ্বক পাব।’