NORTHEAST NOW (Assamese)
অসম

কানাডাৰ নায়েগ্ৰা জলপ্ৰপাতৰ পাৰত সগৌৰৱে উৰিব ভাৰতৰ জাতীয় পতাকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2020 4:04 pm
nayegra

১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস।

সেই দিনা দেশৰ প্ৰান্তে প্ৰান্তে উৰিব জাতীয় পতাকা। অৱশ্যে ক’ৰ’ণাতংকৰ বাবে এইবেলি আড়ম্বৰপূৰ্ণ ভাৱে দেশত স্বাধীনতা দিৱস উদযাপন কৰিব পৰা নাযাব।

প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত দৰ্শক অবিহনেই ভাষণ দিব।

ক’ৰ’ণাতংকৰ বাবে দেশবাসীয়ে মুকলি কৈ স্বাধীনতা দিৱস উদযাপন কৰিব নোৱাৰিব যদিও সকলোৰে মনত পিছে স্বাধীনতাৰ আনন্দৰ লহৰ প্ৰৱাহিত হৈ আছে। দেশৰ লগতে এইবাৰ বিদেশৰো বহু স্থানত উৰিব ভাৰতৰ ত্ৰিৰংগা।

কানাডাৰ বিশ্ব বিখ্যাত নায়েগ্ৰা জলপ্ৰপাতৰ পাৰত সগৌৰৱে উৰিব ভাৰতৰ জাতীয় পতাকা।

টৰ’ণ্টত থকা ভাৰতৰ কনচুলেট জেনেৰেল অপূৰ্ব আগৰৱালাই জনাইছে যে শনিবাৰে বিয়লি নায়েগ্ৰা জলপ্ৰপাতৰ পাৰত উৰুওৱা হ’ব ভাৰতৰ জাতীয় পতাকা।

কানাডাত বাস কৰা ভাৰতীয় লোক সকলে স্বাধীনতা দিৱস উপলক্ষ্যে খাদ্য মেলাৰো আয়োজন কৰিছে।

অৱশ্যে সকলো কাৰ্যসূচী কোভিড প্ৰট’কল মানিহে কৰা হ’ব।

শনিবাৰে নায়েগ্ৰা জলপ্ৰপাতৰ উপৰি টৰ’ণ্টৰ ৫৫২ মিটাৰ উচ্চতাৰ চি এন টাৱাৰ আৰু চিটি হলতো উৰিব ভাৰতৰ জাতীয় পতাকা।

একেদৰে এইবাৰ ভাৰতৰ জাতীয় পতাকাই উজলাই তুলিব বিশ্ব বিখ্যাত টাইম স্কোৱেৰৰ চৌহদ। আমেৰিকাতো প্ৰৱাসী ভাৰতীয়ই পালন কৰিব স্বাধীনতা দিৱস।