NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ৪১৯৮ গৰাকীলৈ বৃদ্ধি ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 10:25 am

বিগত ২৪ ঘণ্টাত মণিপুৰত ৮৬ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৪১৯৮ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, মণিপুৰত বৰ্তমানলৈ ২,৩৬০ গৰাকী লোকে আৰোগ্য হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰে।

বৰ্তমান ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ১,৮২৫ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

বিগত ২৪ ঘণ্টাত মণিপুৰত ক’ৰ’না আক্ৰান্ত হোৱা ৮৬ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকী লোক বহিঃৰাজ্যৰ পৰা উভতি অহাৰ বিপৰীতে বাকী সকল লোক স্থানীয় বাসিন্দা যাৰ কোনো ভ্ৰমণ ইতিহাস নায়।

ক’ৰ’না আক্ৰান্ত লোকসকল চুৰাচান্দপুৰ, থৌবাল, পশ্চিম ইম্ফল, পূৱ ইম্ফল, বিষ্ণুুপুৰ, ন’নেই, কাকচিং আৰু উখৰুল জিলাৰ।

তদুপৰি, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৬৫ গৰাকী লোকক বিভিন্ন চিকিৎসালয়ৰ পৰা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা বাবে মুক্তি দিয়া হয়।

মণিপুৰত এইপৰ্যন্ত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ছয় গৰাকী লোকৰ মৃত্যু হৈছে।