NORTHEAST NOW (Assamese)
অসম

চন্দ্ৰ পৃষ্ঠত নিৰ্মাণকাৰ্য্যৰ বাবে ভাৰতৰ বিজ্ঞানীয়ে উইৰিয়াৰে প্ৰস্তুত কৰিছে বিশেষ ইটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 1:12 pm

চন্দ্ৰৰ বুকুত নিৰ্মাণকাৰ্য্যৰ বাবে ভাৰতীয় বিজ্ঞানী সকলে উইৰিয়াৰে নিৰ্মিত বিশেষ মহাকাশ ইটা(space bricks) প্ৰস্তুত কৰি উলিয়াইছে।

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান(আই আই এছ চি) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো)ৰ এটা গৱেষকৰ দলে চন্দ্ৰৰ বুকুত নিৰ্মাণকাৰ্য্যৰ বাবে উইৰিয়া আৰু চন্দ্ৰৰ বুকুৰ মাটিৰে এবিধ বিশেষ ইটা প্ৰস্তুত কৰি উলিয়াইছে।

গৱেষকৰ দলটোৱে মানুহৰ প্ৰস্ৰাৱৰ পৰা সংগ্ৰহ কৰা উইৰিয়া আৰু চন্দ্ৰ পৃষ্ঠৰ মাটিৰ সংমিশ্ৰণেৰে বিশেষ মহাকাশ ইটা বিধ প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে দীৰ্ঘ সময়ৰ পৰা চন্দ্ৰ পৃষ্ঠৰ ওপৰত পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে।

পৃথিৱীৰ বিজ্ঞানী সকলে ইতিমধ্যে চন্দ্ৰ পৃষ্ঠত মানুহে ভবিষ্যতে বসতি স্থাপন কৰাৰ বাবে গৱেষণা আগবঢ়াই নিছে। এইক্ষেত্ৰত নাছা, ইছৰো আৰু অন্যান্য কিছুসংখ্যক দেশৰ বিজ্ঞানী মহলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰিছে।