NORTHEAST NOW (Assamese)
অসম

পাঁচ মাহৰ মূৰত খোল খালে বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 10:34 am
vaishno-devi-temple-.

ক’ৰ’ণাতংকৰ বাবে বন্ধ হৈ থকা কাশ্মীৰৰ বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ আজি খোল খালে।

দেশত ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে যোৱা ১৮ মাৰ্চত ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছিল বৈষ্ণো দেৱীৰ মন্দিৰৰ দুৱাৰ।

সুদীৰ্ঘ পাঁচ মাহৰ অন্তত কাশ্মীৰৰ চৰকাৰে যোৱা ১১ আগষ্টত লোৱা সিদ্ধান্ত অনুসৰি দেওবাৰৰ পৰা কেতবোৰ বিশেষ বাধা-নিষেধৰ মাজেৰে বৈষ্ণো দেৱীৰ যাত্ৰাপুনৰ আৰম্ভ হয়।

কাশ্মীৰ চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰথমাৱস্থাত কেৱল ২০০০ ভক্তইহে বৈষ্ণো দেৱী মন্দিৰলৈ যাব পাৰিব।

২০০০ ভক্তৰ ভিতৰৰে ১৯০০ গৰাকী ভক্তই হ’ব কাশ্মীৰৰ আৰু কাশ্মীৰৰ বাহিৰৰ মাত্ৰ ১০০ গৰাকী ভক্তইহে এই যাত্ৰাত ভাগ লব পাৰিব।

কাশ্মীৰৰ বাহিৰৰ পৰা অহা ভক্ত সকলে বাধ্যতামূলকভাৱে ক’ৰ’ণা ভাইৰাছৰ এণ্টিজেন পৰীক্ষা কৰোৱাব লাগিব।

একেদৰে কাশ্মীৰৰ যিকেইখন জিলাক ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰেড জিলা ঘোষণা কৰা হৈছে তেনে জিলাৰ ভক্ত সকলেো ক’ৰ’ণা ভাইৰাছৰ এণ্টিজেন পৰীক্ষা কৰোৱাটো বাধ্যতামূলক কৰা হৈছে।

এইবাৰ নিশাৰ ভাগত বৈষ্ণো দেৱীৰ দৰ্শন বন্ধ থাকিব আৰু পুৱাৰ আৰতিতো কোনো ভক্তই ভাগ লব নোৱাৰিব।

তদুপৰি ভক্ত সকলে মাতা ভৱনত নিশা যাপন কৰিব নোৱাৰিব। দহ বছৰৰ তলৰ শিশু সকলক এই যাত্ৰাত ভাগ লবলৈ দিয়া নহ’ব।