NORTHEAST NOW (Assamese)
অসম

অভিনেতা সুশান্তৰ আত্মহত্যাৰ চিবিআই তদন্ত দাবী গুৱাহাটীৰ মানৱাধিকাৰ কৰ্মীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 12:38 pm
Story-12-11-750x375

এক ৰহস্যজনক পৰিস্থিতিত মুম্বাইৰ বান্দ্ৰাস্থিত বাসভৱনত মৃত্যু ঘটা বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য আজিও ফাদিল হোৱা নাই।

এনে পৰিস্থিতিত এই ঘটনাৰ আঁৰত থকা লোক সকল সুকলমে সাৰি যোৱাৰ আশংকা কৰিছে বহু জনে।

অভিনেতা গৰাকীৰ মৃত্যুৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছিল যদিও এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিকতা পালন কৰা হোৱা নাই।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ দাবীৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত আবেদন জনাইছে গুৱাহাটীৰ এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে।

মানৱ অধিকাৰ কৰ্মী মনোজিত সিংঘই মানৱ অধিকাৰ আয়োগত দাখিল কৰা আবেদন খনত এই বুলি কোৱা হৈছে যে অভিনেতা গৰাকীৰ ৰহস্যজনক মৃত্যুৰ তিনিমাহ হৈ গ’ল যদিও আজিলৈকে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই।

ফলত ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ ৰৈছে সুশান্তৰ ৭২ বছৰীয়া পিতৃ কে কে সিং।

এইক্ষেত্ৰত সেয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত শীঘ্ৰে চিবিআইক অৰ্পণ কৰিব লাগে।

মানৱাধিকাৰ কৰ্মী গৰাকীৰ আবেদনৰ ভিত্তিত মানৱ অধিকাৰ আয়োগে ১৩০২৩/আইএন/২০২০ নম্বৰত এটা অভিযোগ পঞ্জীয়ন কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ত ভাৰতৰ এটৰ্নি জেনেৰেল তুষাৰ মেহতাই সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত চিবিআইক দিয়া হ’ব বুলি প্ৰকাশ কৰিছিল।