NORTHEAST NOW (Assamese)
অসম

‘কা বিৰোধী আন্দোলনৰ সময়ত বিজেপি এৰিবলৈ ময়েই অনুমতি দিছিলো’ : নাটকৰ পৰিচালক ৰঞ্জিত দাস

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 18, 2020 8:16 pm

বিজেপিৰ পৰা পদত্যাগ নাটক আছিল অভিনেতা যতীন বৰাৰ। এই নাটকৰ নাট্যকাৰ আৰু পৰিচালক আছিল খোদ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। ৰঞ্জিত দাসৰ পৰিচালনাতে কা বিৰোধী আন্দোলনৰ সময়ত মঞ্চস্থ হৈছিল যতীন বৰাহঁতৰ বিজেপি দল ত্যাগৰ নাটক।

নাভাবিবা এই কথা আমি কৈছো। আওপকীয়াকৈ হ’লেও এই কথা স্বীকাৰ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

ৰঞ্জিত দাসৰ আহ্বানতে যতীন বৰাৰ লগতে অন্যান্য বহু বিজেপি সদস্যই সংবাদ মাধ্যমত ঘোষণা কৰি বিজেপিৰ পৰা পদত্যাগ কৰিছিল বুলি খোদ ৰঞ্জিত দাসে দাবী কৰিছে।

দাসে অতি তৰলভাৱে কয় ‘মোৰ সন্মুখত যতীন বৰাই বিজেপিৰ পৰা পদত্যাগ কৰা বুলি কোনোধৰণৰ পত্ৰ দিয়া নাছিল। জাতীয় সংগঠনৰ নাম লৈ বহু নিৰ্বাচিত সদস্য-সদস্যাই আমাৰ বহু সদস্য-সদস্যাক চুলিত ধৰি টানি আনিছিল। ময়ে তেতিয়া অনুমতি দিছিলো যে আপোনালোকে প্ৰয়োজন সাপেক্ষে সংবাদ মাধ্যমৰ আগত অব্যাহতি দিয়া বুলি ক’ব।‘

‘দলতকৈ নিজৰ জীৱনটো ডাঙৰ। যিসকলে অব্যাহতি দিয়া বুলি কৈছিল সেইসকলে পুনৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে।‘ সংবাদ মাধ্যমৰ আগত এই মন্তব্য সভাপতি দাসৰ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, তেজপুৰত যতীন বৰাক আছু সদস্যই আৱদ্ধ কৰিছিল যদিও ৰঞ্জিত দাসে কোৱাৰ দৰে অন্য বিজেপি তেনে কোনোধৰণৰ শাৰিৰীক আক্ৰমণৰ খবৰ বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই।

ৰঞ্জিত দাসৰ এই মন্তব্যৰ পাছতে কেইটামান প্ৰশ্ন সচেতন মহলে উত্থাপন কৰিছে। তলত প্ৰশ্নকেইটা উল্লেখ কৰা হ’ল :

১) যদি তেনেই হয়, তেন্তে বিজেপিৰ অন্য শিল্পীসকল নিজৰ স্থিতিত অটল আছিল কেনেকৈ?

২) কিয় পূৰ্বৰে পৰা একেই স্থিতিত থাকিল কৃষ্ণমণি চুতীয়া?

৩) কিয় আৱেগৰ বশৱৰ্তী হৈ পদত্যাগৰ নাটক কৰা নাছিল পবিত্ৰ মাৰ্ঘেৰিটাই?

৪) আৱেগত উটি-ভাহি পুনৰ ক্ষমতাৰ মোহত যতীন বৰাৰ দৰে শিল্পীয়ে বিজেপি যোগদান কিমান দূৰ যুক্তিসংগত?

৪) দাসৰ মন্তব্যই এইটো সূচাইছে যে কা আন্দোলন বিপথে পৰিচালনা কৰাৰ ষড়যন্ত্ৰ চলাইছিল নেকি বিজেপি নেতৃত্বই?

৫) নাটকৰ বাবে কিয় ৰঞ্জিত দাসে ঢাল হিচাপে ব্যৱহাৰ কৰিলে যতীন বৰাক?

এই প্ৰশ্নসমূহৰ উত্তৰ নিশ্চয় ৰাইজে জন প্ৰতিনিধিৰ পৰা বিচাৰিব।