NORTHEAST NOW (Assamese)
অসম

অসমকে ধৰি তিনি ৰাজ্যৰ বিমান বন্দৰ তুলি দিলে আডানিৰ হাতত,প্ৰতিবাদ মাত্ৰ এজন মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 3:17 pm
pinrayi modi18

গুজৰাটৰ বহু বিতৰ্কিত ব্যৱসায়িক গোষ্ঠী আডানী গ্ৰুপৰ হাতত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ লগতে কেৰালাৰ থিৰুৱান্তপুৰম আৰু জয়পুৰৰ বিমান বন্দৰ গতাই দিয়া হৈছে।

কেন্দ্ৰীয় কেবিনেটে কালি আডানী গ্ৰুপৰ হাতত এই বিমান বন্দৰ কেইটা তুলি দিয়াৰ প্ৰস্তাৱত আনুষ্ঠানিক ভাৱে অনুমোদন জনায়।

দেশৰ বহু কেইটা বিমান বন্দৰ এটা বিশেষ ব্যৱসায়িক গোষ্ঠীৰ হাতত তুলি দিয়াৰ বিৰুদ্ধে বহু বাৰ প্ৰতিবাদ হৈছে।

কালি কেন্দ্ৰই আডানী গ্ৰুপক বিমান বন্দৰ হস্তান্তৰ কৰাৰ বিৰুদ্ধে তিনিখন ৰাজ্য ক্ৰমে অসম,ৰাজস্থান আৰু কেৰালাৰ ভিতৰত কেৱল কেৰালাৰ মুখ্যমন্ত্ৰীয়েহে মাত মাতিছে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে স্পষ্ট ভাষাৰে কৈছে যে কোনো কাৰণতে থিৰুৱান্তপুৰম বিমান বন্দৰ আডানী গ্ৰুপৰ হাতত তেওঁৰ চৰকাৰে গতাই নিদিয়ে।

১৯৯৩ চনতে বিমান বন্দৰ নিৰ্মাণৰ বাবে চৰকাৰে মাটি দিওতেই এই কথা জনাই দিয়া হৈছিল যে বিমান বন্দৰটো কেতিয়াও ব্যক্তিগত কোম্পানীক দিয়া নহ’ব।

কিন্তু এতিয়া মোডীৰ চৰকাৰে কেৰালাৰ চৰকাৰৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে বিমান বন্দৰটো আডানী গ্ৰুপক দিছে বুলি মুখ্যমন্ত্ৰী পিনাৰায়ে ক্ষোভ ব্যক্ত কৰে। তেওঁ বিষয়টো সন্দৰ্ভত ক্ষোভ উজাৰি প্ৰধানমন্ত্ৰী মোডীলৈ এখন পত্ৰ লিখিছে।

উল্লেখ্য গুজৰাটৰ গৌতম আডানী নেতৃত্বাধীন আডানী গ্ৰুপ বৃহৎ পূজিপতি প্ৰতিষ্ঠান।