NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ কেমেৰণ হোৱাইটৰ ক্ৰিকেটৰ পৰা সন্যাস গ্ৰহণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 7:06 pm

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেমেৰুণ হোৱাইটে (৩৭) সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।

বিগত ২০ বছৰ ধৰি ৩৭ বছৰীয়া অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীয়ে ক্ৰিকেটৰ পথাৰত সক্ৰিয় হৈ আছিল।

”মই নিশ্চিতভাৱে ক্ৰিকেট কেৰিয়াৰ সামৰণি মৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো,” এটা টেলিফোনিক ইণ্টাৰভিউট ক্ৰিকেটাৰ গৰাকীয়ে কয়।

বিগত বৰ্ষত হোৱাইটে এটা ক্লাৱৰ হৈ এবছৰৰ বাবে চুক্তিবদ্ধ হৈ ক্ৰিকেট খেলিছিল।

সকলো ধৰণৰ খেলৰ পৰা অৱসৰ ঘোষণা কৰি হোৱাইটে তেওঁৰ সময় সমাপ্ত হোৱা বুলি উল্লেখ কৰি এতিয়া তেওঁ ক্ৰিকেটৰ প্ৰশিক্ষণত মনোযোগ দিয়াৰ সময় হৈছে বুলি লগতে কয়।

কেমেৰণ হোৱাইটে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ হৈ চাৰিখন টেষ্ট, ৯১ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আৰু ৪৭ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল।

হোৱাইটে সাতখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অষ্ট্ৰেলিয়া ক্ৰিকেট দলক নেতৃত্বও প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে, বিগত ১৫ আগষ্টত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনী, মিডল অৰ্ডাৰ বেটছমেন সুৰেশ ৰাইনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।