NORTHEAST NOW (Assamese)
অসম

হোজাইত পাকিস্তানী পতাকা, ইমৰাণ খানৰ পুত্তলিকা দাহেৰে আমছুৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 9:55 pm

পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে পাৰমানৱিক অস্ত্ৰৰে অসমক আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ পাছতে আজি হোজাই জিলাৰ ডবকাত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে।

ডবকা ষ্টেট বেংকৰ সমীপত আমছুৰ কৰ্মকৰ্তা সকলে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে পাকিস্তান মুৰ্দাবাদ, ইমৰাণ খান মুৰ্দাবাদ ধ্বনি দি পাকিস্তানী পতাকা দাহ কৰে।

উল্লেখযোগ্য যে, ২০ আগষ্টত পাকিস্তানী ৰে’ল মন্ত্ৰী শ্বেইখ ৰচিদে ভাৰতৰ লগতে অসমকো পাৰমানৱিক বোমাৰে আঘাত হনাৰ ভাবুকি প্ৰদান কৰি এইক্ষেত্ৰত ইছলাম অধ্যুষিত অঞ্চল সমূহক ৰেহাই দিয়া হ’ব বুলি কৈছিল।

আমছুৱে পাকিস্তান বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি ভবিষ্যতে পাকিস্তানক এনেধৰণৰ মন্তব্য নিদিবলৈ সকীয়াই দি ভাৰতৰ মুছলমানৰ চিন্তা পাকিস্তানে কৰাৰ প্ৰয়োজন নাই বুলি কয়।

প্ৰতিবাদ কাৰ্য্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোৱাৰ হুছেইনৰ লগতে ভালেকেইগৰাকী নেতা উপস্থিত থাকে।