NORTHEAST NOW (Assamese)
অসম

আনলক: ৰাজ্যৰ ভিতৰত, ৰাজ্যসমূহৰ মাজত যাতায়াতত নিষেধাজ্ঞা নৰখাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 7:40 pm
Unlock 3: Centre asks states to not restrict inter-state, intra-state movement

চলিত আনলক প্ৰক্ৰিয়াত ৰাজ্যৰ ভিতৰত আৰু ৰাজ্যসমূহৰ মাজত ব্যক্তি আৰু সামগ্ৰীৰ যাতায়াতৰ ওপৰত নিষেধাজ্ঞা নথকাটো নিশ্চিত কৰাৰ বাবে কেন্দ্ৰই শনিবাৰে সকলো ৰাজ্যক নিৰ্দেশ দিছে।

কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলক নিৰ্দেশ দিছে।

গৃহ সচিবৰ পত্ৰত বিভিন্ন জিলা আৰু ৰাজ্যই স্থানীয় পৰ্য্যায়ত এনে নিষেধাজ্ঞা আৰোপ কৰাৰ কথা উল্লেখ কৰি কোৱা হৈছে যে এই নিষেধাজ্ঞাই কেন্দ্ৰৰ নিৰ্দেশনাৱলীৰ উলংঘন কৰিছে।

পত্ৰৰ কোৱা হৈছে যে কেন্দ্ৰই ইতিপূৰ্বে জাৰি কৰা আনলকৰ নিৰ্দেশনাৱলীত ব্যক্তি আৰু সামগ্ৰীৰ যাতায়াতত এনে নিষেধাজ্ঞা নাথাকিব বুলি স্পষ্ট উল্লেখ আছে।

পত্ৰখনত লগতে কোৱা হৈছে যে এনে নিষেধাজ্ঞাই ৰাজ্যসমূহৰ মাজত সামগ্ৰী সেৱাৰ চলাচলত সমস্যাৰ সৃষ্টি কৰিছে আৰু যোগান শৃংখলাত প্ৰভাৱ পেলাইছে আৰু ফলত আৰ্থিক কাৰ্য্যকলাপ আৰু নিয়োগত আহুকালৰ সৃষ্টি কৰিছে।

পত্ৰখনত লগতে কোৱা হৈছে যে চুবুৰীয়া দেশৰ সৈতে চুক্তিৰ অধীনত স্থলপথেৰে সীমান্ত পাৰ হৈ ব্যক্তি আৰু সামগ্ৰীৰ চলাচলৰ বাবে সুকীয়া অনুমতি, অনুমোদন বা ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব।