NORTHEAST NOW (Assamese)
অসম

কৰাছীতে আছে ম’ষ্ট ৱাণ্টেড ডাউদ: ডাউদকে ধৰি ৮৮ সন্ত্ৰাসবাদীৰ বেংক একাউণ্ট জব্দ পাকিস্তানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2020 7:31 am
terrorists-pakistan

ভাৰতে বছৰৰ পিছত বছৰ ধৰি বিচাৰি চলাথ কৰা কুখ্যাত সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিম পাকিস্তানতে থকাৰ কথা অৱশেষত স্বীকাৰ কৰিলে পাক চৰকাৰে।

আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ ওচৰত শিৰনত কৰি পাকিস্তানে এইবুলি ঘোষণা কৰিছে যে সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিম কৰাছীতে আছে।

কৰাছীৰ দাঁতিকাষৰীয়া টনি ক্লিফটন অঞ্চলত ডাউদে বাস কৰি থকাৰ কথা পাকিস্তানে স্বীকাৰ কৰাৰ পিছতে ভাৰতে ইমান দিনে কৰি অহা দাবী সত্য প্ৰমাণিত হ’ল।

১৯৯৩ৰ মুম্বাই বিস্ফোৰণ কাণ্ডৰ প্ৰধান অভিযুক্ত ডাউদ ইব্ৰাহিম পাকিস্তানতে থকা বুলি ভাৰতে বাৰে বাৰে কৈ অহাৰ পিছতো পাকিস্তানে ভাৰতৰ সেই দাবী নস্যাৎ কৰি ডাউদ পাকিস্তানত নাই বুলিহে কৈ আহিছিল।

শেহতীয়াকৈ ফাইনেন্সিয়েল এক্সন টাস্ক ফ’ৰ্চৰ ৰোষত পৰাৰ ভয়তে পাকিস্তানে ডাউদ পাকিস্তানতে থকাৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

মুম্বাই বিস্ফোৰণ কাণ্ডৰ হোতা দাউদক ইতিমধ্যে আমেৰিকাই ২০০৩ চনতে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাবে ঘোষণা কৰি থৈছে।

সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া ৰাষ্ট্ৰ হিচাবে পাকিস্তান বৰ্তমান গ্ৰে লিষ্টত আছে। এই স্থান ব্লেক লিষ্টলৈ অৱনমিত হোৱাৰ ভয়তে পাকিস্তানে এতিয়া সঁচা কথা ক’বলৈ আৰম্ভ কৰিছে।

ডাউদৰ অৱস্থিতি ৰাজহুৱা কৰাৰ লগতে পাকিস্তানে ডাউদকে ধৰি দেশখনৰ ৮৮ জন সন্ত্ৰাসবাদীৰ বেংক একাউণ্টো  জব্দ কৰাৰ কথা ঘোষণা কৰিছে।

বেংক একাউণ্ট জব্দ কৰা সন্ত্ৰাসবাদী সকলৰ ভিতৰত তালিবানৰ নেতা আব্দুল ঘানি বাৰাদাৰ,কুখ্যাত হাক্কানি নেটৱৰ্কৰ মুৰব্বী ছিৰাজুদ্দিন,মহম্মদ য়াহা মুজাহিদ,জাকিউৰ ৰেহমান লাখভি,আব্দুল হেকিম মুৰাড,নুৰ ৱালি মেহছুদ,ফজল ৰহিম শ্বাহ,জালালুদ্দিল হাক্কানী আদি নেতা সকলো আছে।