NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰৰ টামেংলঙ জিলাত দলং ভাগি পৰি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

Posted by: সভাপতি চামম March 4, 2018 8:06 pm
Bridge collapse at Manipur

মণিপুৰৰ টামেংলঙ জিলাৰ ইম্ফল-জিৰিবাম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এখন গুৰুত্বপূৰ্ণ দলং আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাগি পৰে।

এন এল ০৩এ/৪৩০৮ নম্বৰৰ এখন চাউল ভৰ্তী ট্ৰাক ইয়াৰ ওপৰেৰে পাৰ হৈ গৈ থকাৰ সময়তে ইম্ফলৰ পৰা ১৫০ কি. মি. পশ্চিমত টৌছেম আৰক্ষী থানাৰ অন্তৰ্গত ছিবিলং গাৱঁৰ নুঙডোলানত অৱস্থিত উক্ত দলংখন ভাগি পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে জনাই যে জৰাজীৰ্ণ ৰূপ লোৱা পুৰণি দলংখনৰ নিৰ্মাণৰ কাম ইতিমধ্যে হাতত লোৱা হৈছিল।

প্ৰাপ্ত তথ্য মতে, দুৰ্ঘটনাটোত আহত হোৱা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক নোনী জিলাৰ নুঙবাত অৱস্থিত সামুহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। চালকজনক বিষ্ণুপুৰ জিলাৰ মাইকেল ওৰফে বিকাশ বুলি চিনাক্ত কৰা হৈছে।

দলংখন ভাগি পৰাৰ ফলত জিৰিবামৰ পৰা ইম্ফলৰ দিশে গৈ থকা ৫ খন মালবাহী ট্ৰাক পথটোত আবদ্ধ হৈ পৰে বুলি আৰক্ষী সূত্ৰই জনায়। অৱশ্যে মেৰামতি চলি থকা এটা বাইপাছ পথেৰে সৰু বাহনৰ লগতে খালী ট্ৰাকসমূহৰ চলাচল চলি আছে বুলি সূত্ৰটোৱে জনায়।