NORTHEAST NOW (Assamese)
অসম

ৰাছিয়াৰ পুনৰ চমক; পাৰ্শ্বক্ৰিয়াহীন কৰ’নাৰ দ্বিতীয়টো ভেকচিন প্ৰস্তুত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2020 11:21 am
WhatsApp Image 20

ৰাছিয়াই পুনৰ এটা কৰ’নাৰ নতুন ভেকচিন প্ৰস্তুত কৰি উলিউৱা বুলি দাবী কৰিছে।

ইয়াৰ পূৰ্বে যোৱা ১১ আগষ্টত দেশখনে কৰ’নাৰ প্ৰথমটো সফল ভেকচিন প্ৰস্তুত কৰি উলিওৱাৰ কথা ঘোষণা কৰিছিল।

কৰ’নাৰ ভেকচিন উলিওৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে ৰাছিয়াই ইতিমধ্যে নিজৰ নাম লিপিবদ্ধ কৰিছে।

দেশখনে প্ৰথম কৰ’না ভেকচিনৰ প্ৰয়োগ কৰাৰো অনুমতি দিছিল।

এতিয়া ৰাছিয়াই কৰ’নাৰ আন এটা ভেকচিন প্ৰস্তুত কৰি উলিওৱাৰ দাবী কৰিছে।

ডডেইলী মেইলৰ বাতৰি অনুসৰি, ৰাছিয়াই সদৰী কৰিছে যে প্ৰথমটো ভেকচিনত পোৱা পাৰ্শ্বক্ৰিয়া এই নতুন ভেকচিনটোত নাই।

ৰাছিয়াই উলিওৱা প্ৰথমটো ভেকচিনৰ নাম ৰাখিছিল স্পুটনিক-৫ আৰু নতুন ভেকচিনটোৰ নাম ৰাখিছে EpiVacCorona।

ৰাছিয়াই এই নতুন EpiVacCorona ভেকচিনটো ছাইবেৰিয়াৰ বিশ্বমানৰ ভাইৰ’লজী প্ৰতিষ্ঠান ভেক্টৰ ষ্টেট ৰিচাৰ্ছ চেন্টাৰ অফ ভাইৰ’লজি এম্ড বায়’টেকনলজিচ প্ৰস্তুত কৰি উলিয়াইছে।

ৰুচ বিজ্ঞানীসকলে EpiVacCorona ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল অহা ছেপ্টেম্বৰত সম্পূৰ্ণ হ’ব বুলি দাবী কৰিছে।

তদুপৰি, যি ৫৭জন স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচিনটো প্ৰয়োগ কৰা হৈছে তাত কোনো পাৰ্শ্বক্ৰিয়া দেখা দিয়া নাই। তেওঁলোক সকলোৱে সুস্থ আছে বুলি কোৱা হৈছে।

আনহাতে, EpiVacCorona ভেকচিনৰো দুপালি প্ৰয়োগ কৰা হ’ব। প্ৰথম পালি দিয়াৰ ১৪ৰপৰা ২১দিনৰ পাছত দ্বিতীয় পালি প্ৰয়োগ কৰা হ’ব।

অহা অক্টোবৰলৈকে এই নতুন ভেকচিনটোৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ’ব বুলি সদৰী কৰি ৰাছিয়াই নৱেম্বৰত ইয়াৰ উৎপাদন আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিছে।