‘নিষ্ঠুৰ’ ডোনাল্ড ট্ৰাম্প; ভগ্নী মেৰিয়ানৰ অকপট স্বীকাৰোক্তিৰ গোপন ৰেকৰ্ডিং ফাদিল!

ট্ৰাম্প বিৰোধীসকলৰ মাজত এই অভিযোগ নতুন কথা নহয়। এনে অভিযোগৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অৱশ্যে কোনোদিনে গুৰুত্বও দিয়া নাই।
কিন্তু এইবাৰ ট্ৰাম্পক নীতিজ্ঞানহীন তথা নিষ্ঠুৰ বুলি অভিহিত কৰিছে তেওঁ নিজৰেই ভনীয়েকে। অৱশ্যে, সেয়া মুকলিকৈ নহয়, গোপনেহে।
ৰাষ্ট্ৰপতিগৰাকীৰ ভতিজী মেৰি ট্ৰাম্পৰ আগত এই কথাবোৰ কৈছে ৮৩বছৰীয়া মেৰিয়ান ট্ৰাম্প বেৰিয়ে।
এইক্ষেত্ৰত ট্ৰাম্পে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও নিজ ভগ্নীৰ কথোপকথনৰ এই ৰেকৰ্ডিং বিয়পি পৰাৰ পাছতেই বিতৰ্ক আৰম্ভ হৈছে।
শনিবাৰে ভতিজী মেৰিয়ে জানিবলৈ দিয়ে যে ২০১৮ৰ পৰা ২০১৯ৰ মাজত ৰাষ্ট্ৰপতিগৰাকীৰ এই বক্তৱ্যসমূহ তেওঁ ৰেকৰ্ড কৰি ৰাখিছিল।
প্ৰায় ১৫ঘন্টাৰ ৰেকৰ্ডিং থকা বুলি দাবী কৰা ট্ৰাম্পৰ ভতিজী মেৰিয়ে ‘টু মাচ এণ্ড নেভাৰ এনাফ: হাও মাই ফেমিলি ক্ৰিয়েটেড দ্য ৱৰ্ল্ডছ ম’ষ্ট ডেঞ্জাৰাছ মেন’ নামৰ গ্ৰন্থখনেৰে বৰ্তমান চৰ্চা লাভ কৰিছে।
মেৰিয়ে এই গ্ৰন্থখনত ট্ৰাম্পৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু প্ৰাক্তন ফেডাৰেল বিচাৰক মেৰিয়ানৰ ৰেকৰ্ডিঙে আৰু অধিক উদঙাই দিছে ট্ৰাম্পৰ চৰিত্ৰ।
ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্প কেনেকুৱা প্ৰসংগত মেৰিয়ান কৈছে,’মিছা কোৱাৰ অভ্যাস’ তেওঁৰ চিৰদিনীয়া।
আশীৰ দশকত ভাতৃৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাৰ কথাও মেৰিয়ানে ৰেকৰ্ডিঙত স্বীকাৰ কৰিছে। ট্ৰাম্পে বাৰে বাৰে তেওঁৰ সফলতাৰ কৃতিত্ব নিবলৈ বিচাৰে বুলি দাবী কৰি কয়,’ডোনাল্ড নিষ্ঠুৰ’।
আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থীৰ চৰিত্ৰ তথা নীতিক লৈ চলিবলগীয়া প্ৰচাৰত ট্ৰাম্পৰ নিজৰ ভগ্নীৰ এই মন্তব্যসমূহে ট্ৰাম্পক শলঠেকত পেলোৱাৰ সম্ভাৱনা আছে।
আনহাতে, মেৰিয়ে এনেধৰণে গোপনে বাৰ্তালাপ ৰেকৰ্ড কৰাক লৈয়ো বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।