NORTHEAST NOW (Assamese)
অসম

কিয় চলমান খানক লক্ষ্য, কপিল শৰ্মা শ্ব’ বৰ্জনৰ ঘোষণা সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 2:18 pm
Kapil-Sharma

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছৰে পৰাই বলীউদত বিভিন্ন নীতিহীন কাৰ্য তথা নেপ’টিজমক লৈ বিতৰ্কৰ জোৱাৰ উঠিছে।

এইবাৰ সুশান্তৰ অনুৰাগীসকলে কপিল শৰ্মাৰ শ্ব’ বন্ধ কৰাৰ দাবী তুলিছে কিয়নো এই শ্ব’ৰ সহযোগী প্ৰযোজক হিচাপে আছে চলমান খান।

এই বিষয়টোক লৈ সোমবাৰে সৰৱ হৈ পৰে জাষ্টিছ ফৰ সুশান্ত সিং ৰাজপুত গ্ৰুপ নামৰ সুশান্তৰ অনুৰাগীসকলৰ এটা সংগঠনে।

তেওঁলোকে কপিল শৰ্মা শ্ব’ সম্পূৰ্ৰূপে বৰ্জন কৰাৰ আহ্বান জনাইছে।

সংগঠনটোৰ পৰা সুশান্তৰ পৰিয়ালক জনোৱা হয় যে তেওঁলোক সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলে চলমান খান জড়িত থকা সকলো বিষয় বৰ্জন কৰিছে।

কপিল শৰ্মা শ্ব’ৰ সহযোগী প্ৰযোজক হিচাপে আছে চলমান খান। সেয়েহে, সৰ্বাত্মক বৰ্জনৰ বাবে তালিকাত এই শ্ব’টোকো ৰখা উচিত।

জানিব পৰা মতে, এই গ্ৰুপত ৯১হাজাৰ সদস্য আছে।

বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ যোৱা জুন মাহত মুম্বাইৰ বান্দ্ৰাৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

বহু টনা-আজোৰাৰ পাছত অৱশেষত উচ্চতম ন্যায়ালয়ে সুশান্তৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পন কৰিছে।