NORTHEAST NOW (Assamese)
অসম

কোহলী আৰু এম এছ ধোনীৰ নেতৃত্বৰ মাজত বৃহৎ পাৰ্থক্য আছে বুলি ক’লে এজন প্ৰাক্তন ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 11:44 am

বিৰাট কোহলী আৰু অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনীৰ মাজত নেতৃত্বৰ বৃহৎ পাৰ্থক্য থকা বুলি অভিহিত কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানে।

পাঠানৰ মতে, ধোনীয়ে সদাই শান্ত আৰু ঠাণ্ডা মগজুৰে কাম কৰাৰ বিপৰীতে কোহলী সদাই আক্ৰমক ৰূপত থাকে।

পাঠানে কয়, ‍‘ধোনীৰ যুগত শান্তি দেখিছো আৰু কোহলীৰ যুগত আক্ৰমণাত্মক মনোভাৱ দেখিছো। সফল হোৱাৰ বাবে এই দুয়োটা গুণৰে অধিকাৰী হ’ব লাগে’।

ষ্টাৰ স্প’ৰ্টছৰ এটা অনুষ্ঠানত অংশ লোৱা পাঠানে আৰু কয়, ‍‘এজন খেলুৱৈয়ে ভাল প্ৰদৰ্শনৰ বাবেহে সুস্থিৰ আৰু আক্ৰমণাত্মক হয়’।

প্ৰাক্তন অল ৰাউণ্ডাৰ গৰাকীয়ে লগতে কয় যে দলত যেতিয়া কঠিন পৰিস্থিতি উদ্ভৱ হয় তেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে সুন্দৰভাৱে দলক উদ্ধাৰ কৰিছিল।

আনহাতে বিৰাট কোহলীয়ে আক্ৰমণাত্মক মনোভাৱেৰে খেলি শক্তিশালী অষ্ট্ৰেলিয়া দলক অষ্ট্ৰেলিয়াৰ মাটিত পৰাস্ত কৰাৰ কথাও উল্লেখ কৰে পাঠানে।

উল্লেখ্য যে, ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাই ছুপাৰ কিংছ দলক নেতৃত্ব প্ৰদান কৰিব।