NORTHEAST NOW (Assamese)
অসম

বি এছ এফৰ জালত ড্ৰাগছ সৰবৰাহকাৰী; উদ্ধাৰ ৩,৬২০ টা নিচাজাতীয় টেবলেট

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং August 28, 2020 7:55 pm

ধুবুৰী খণ্ডৰ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে দক্ষিণ শালমাৰাৰ মানকাছাৰ আৰক্ষী চকীৰ অন্তৰ্গত কুবেগাঁৱৰ সীমান্ত অঞ্চলত এগৰাকী ভাৰতীয় ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৩৬২০ টা য়াবা টেবলেট জব্দ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কাকৰিপাৰা সীমান্ত চকীত কৰ্তব্যৰত বি এছ এফৰ জোৱানে মানকাছাৰ আৰক্ষী চকীৰ সহযোগত অভিযান চলাই নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহত জড়িত হৈ থকা ভাৰতীয় নাগৰিক গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী গৰাকী মানকাছাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুৱেগাঁৱৰ মফিউল হকৰ পুত্ৰ পাপু মিঞা বুলি চিনাক্ত কৰা হয়।

আটক হোৱা পাপু মিঞাক উদ্ধাৰ হোৱা নিচাজাতীয় টেবলেটৰ সৈতে স্থানীয় আৰক্ষীৰ হাতত অধিক তদন্তৰ বাবে অৰ্পন কৰে বি এছ এফে।

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত সংঘটিত হৈ অহা অপৰাধমূলক ঘটনা সমূহ ৰোধ কৰাৰ ক্ষেত্ৰত বি এছ এফে সতৰ্ক পহৰা অব্যাহত ৰাখিছে।

ভাৰত-বাংলাদেশ সীমান্তত অপৰাধমূলক কাৰ্য্যকলাপ হ্ৰাস কৰাৰ ক্ষেত্ৰত বি এছ এফ আৰু বাংলাদেশ সীমান্ত ৰক্ষী বাহিনীৰ মাজত ছেপ্তেম্বৰত এখন গুৰুত্বপূৰ্ণ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’ব।